নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাট বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰত ১৩ ছেপ্টেম্বৰৰ নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিশা ১২.৩০ বজাত লাহৰীঘাট বজাৰৰ ইলাহী মাৰ্কেটত হঠাৎ জুই লাগে। লগে লগে জুইৰ লেলিহান শিখাই দিদাৰুল ইছলামৰ দিদাৰুল এন্টাৰপ্ৰাইজ নামৰ কাপোৰৰ দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত কৰে। পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমাই অধিক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰে। অগ্নিকাণ্ডত দিদাৰুল এন্টাৰপ্ৰাইজৰ প্ৰায় ৪০ লাখ টকাৰ ক্ষয়-ক্ষতি হয়। এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে।

প্ৰেৰক আবুল কালাম

You might also like