নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ মাৰ্ঘেৰিটা নগৰত আজি এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । ভস্মীভূত হয় দহটাকৈ ভাৰাঘৰ। মাৰ্ঘেৰিটা চেগুনবাৰী এ আৰ এণ্ড টি মিলৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হয়। খৰি চৌকাৰ পৰা জুইৰ সুত্রপাত হোৱাৰ সন্দেহ কৰা হৈছে। জাকিৰ খান নামৰ ব্যক্তিজনৰ মালিকাধান দহটা টিনপাত বাহেৰে নিৰ্মিত ভাড়াঘৰ নিমিষতে জুইৰ লেলিহান শিখাই আবৰি ধৰে। এটা গেছ চিলিণ্ডাৰো বিস্ফোৰিত হোৱাত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয়। অগ্নি নিৰ্বাপক বাহিনী আহি পাই মানে কেউটা বাসগৃহ জ্বলি নিঃশেষ হয় । কেউটা পৰিয়ালৰ আচবাব, সা সামগ্রী সকলো জুইত জাহ যায়। স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কাষৰীয় বাসিন্দা সকল ৰক্ষা পৰে। সমগ্ৰ ঘটনাই অঞ্চলটোত আজি চাঞ্চল্যৰ সৃষ্টি কৰে।
প্ৰেৰক মানসপ্ৰতিম গগৈ