🔹 ঘটনাস্থলীত কেইবাটাও ৰন্ধন গেছ-অক্সিজেন চিলিণ্ডাৰ উদ্ধাৰ
বিশেষ বাৰ্তা, ২ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দৰ মাজতে তিনিচুকীয়াৰ বৰদলৈ নগৰত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বৰদলৈ নগৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া চামচেৰ সিঙৰ বাসগৃহৰ চৌহদত অগ্নিকাণ্ডটো সংঘটিত হয় ৷ সৌভাগ্যক্ৰমে অগ্নিকাণ্ডই বিধ্বংসী ৰূপ লোৱাৰ পূৰ্বেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। চৌহদৰ ভিতৰত সংঘটিত উক্ত অগ্নিকাণ্ডত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু অক্সিজেন চিলিণ্ডাৰ উদ্ধাৰ কৰে। সৌভাগ্য যে বিস্ফোৰণ নহ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰকেইটা। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সন্দেহ কৰা অনুসৰি, আৰু অলপ সময় অগ্নি নিৰ্বাপণ কৰাত পলম হোৱা হ’লে পাঁচটাতকৈ অধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হ’ল হয়। সেইকেইটা চিলিণ্ডাৰ বিস্ফোৰিত হোৱা হ’লে জুয়ে অধিক বিধ্বংসী ৰূপ লোৱাৰ আশংকা কৰে। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে উক্ত চিলিণ্ডাৰকেইটা জব্দ কৰাৰ লগতে কিয় এনেদৰে চিলিণ্ডাৰ মজুত ৰাখিছিল, তাৰো আৰম্ভ কৰে তদন্ত। সমান্তৰালভাৱে উক্ত স্থানত অগ্নিকাণ্ড সংঘটিত হৈ থকাৰ সময়তে উপস্থিত হয় শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ। শ্ৰমমন্ত্ৰীগৰাকীয়ে অগ্নিকাণ্ডস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
প্ৰেৰক বিবেক বড়া