নিয়মীয়া বাৰ্তা, ৯ জুলাই : জীৱন সংগ্ৰামৰ জীয়া ছবি। মৰণত শৰণ দি ভৰা লুইতৰ বুকুত জীৱিকাৰ সন্ধান। লুইতৰ কোবাল সোঁতত উটি অহা কাঠ সংগ্ৰহ কৰিয়েই জীৱন-জীৱিকাৰ পথ মোকলাইছে ঢকুৱাখনাৰ একাংশ নৈপৰীয়াই। নৈৰ কোবাল সোঁতত উটি অহা কাঠ সংগ্ৰহ কৰি জীৱন সংগ্ৰাম চলাই নিছে একাংশ নৈপৰীয়াই । নিজৰ জীৱনকো তুচ্ছ কৰি কিশোৰৰ পৰা পুৰুষ-মহিলালৈকৈ সকলো ব্যস্ত ভৰা লুইতৰ বুকুত টুলুঙা নাৱেৰে উটি অহা কাঠ সংগ্ৰহত। বাৰিষাৰ লগে লগে ফেনে-ফোটোকাৰে বাঢ়ি আহিছে মহাবাহু ব্ৰহ্মপুত্ৰ। কিন্তু ভৰা ব্ৰহ্মপুত্ৰৰ বুকুতে একাংশ নৈপৰীয়াই বছৰ বছৰ ধৰি অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম। ঢকুৱাখনা সমষ্টিৰ মাতমৰা আৰু খেৰকটা পঞ্চায়তৰ শ শ পৰিয়ালে বছৰৰ পাছত বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত ভাহি অহা কাঠ বিক্ৰী কৰি পোৱা পইচাৰে চলাই আহিছে তেওঁলোকৰ পৰিয়াল ৷ অঞ্চলটোৰ ডেকা, বুঢ়াৰ পৰা শিশুলৈ সকলোৱে বাৰিষাৰ সময়ত ব্যস্ত হৈ পৰে নৈৰ কোবাল সোঁতত উটি অহা কাঠ সংগ্ৰহত। পেটৰ ভাতমুঠিৰ বাবেই মৰণত শৰণ দি বাৰিষাৰ ভৰা লুইতৰ বুকুত ৰ’দ-বৰষুণ নেওচি দৈনিক সন্ধান কৰে উটি অহা কাঠৰ। বাৰিষাৰ ব্ৰহ্মপুত্ৰৰ বুকুত উটি অহা কাঠেই হৈ আহিছে এইসকল লোকৰ উপাৰ্জনৰ একমাত্ৰ পথ। এখন টুলুঙা নাও লৈ পুৱাই ওলাই যায় নৈৰ বুকুত কাঠৰ সন্ধানত। লুইতৰ প্ৰবল সোঁতকো নেওচি কষ্টৰে সংগ্ৰহ কৰা কাঠ ধৰি সেই কাঠৰ পৰা খৰি ফালি বিক্ৰী কৰি দূৰ কৰিছে জীৱনৰ অভাৱ-অনাটন৷ হাতৰ মুঠিত জীৱটোলৈ প্ৰতিদিনে অঞ্চলটোৰ শিশুৰ পৰা পুৰুষ-মহিলাই অব্যাহত ৰাখিছে জীৱন যাত্ৰা।
প্ৰেৰক পুলকজ্যোতি বৰা