নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোপতিৰ কালাইৰদিয়াত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বাঘবৰৰ আলোপতি কালাইৰ দিয়াত প্ৰকাণ্ড এডাল অজগৰক কেন্দ্ৰ কৰি বুধবাৰৰ পুৱাই তীব্ৰ চাঞ্চল্য বিয়পে। পুৱাৰ ভাগতেই লাগিল হুলস্থূল। প্ৰকাণ্ড অজগৰ ওলোৱাৰ খৱৰ পাই নিমিষতে ঘটনাস্থলীত কেইবাশ লোকৰ সমাগম ঘটে।খাদ্যৰ সন্ধানত ওলাই আহি তামোলৰ খেতিত বেৰ দি থোৱা জালত মে’ৰ খাই আবদ্ধ হয় অজগৰডাল। আলোপতিচৰ থানাৰ অন্তৰ্গত কালাইৰ-দিয়া গাঁৱত ৰাইজে উদ্ধাৰ কৰে প্ৰকাণ্ড আকাৰৰ অজগৰডাল। জানিব পৰা মতে অজগৰডালে বিগত কেইবাদিন ধৰি গাঁৱখনত কেবাটাও পৰিয়ালৰ হাঁহ-কুকুৰাৰ গড়ালত সোমাই সন্ত্ৰাস বিয়পাইছিল। অজগৰ ডাল দীঘলে প্ৰায় ২০ ফুট আৰু ওজন আনুমানিক ৪০ৰ পৰা ৫০ কেজি হ’ব বুলি স্থানীয় ৰাইজে ধাৰণা কৰে। খৱৰ দিয়াৰ পাছতো সময়মতে আৰক্ষীৰ লোক গৈ নোপোৱাত ৰাইজে অজগৰডাল ধৰি আলোপতিচৰ আৰক্ষীত জমা দিয়ে। জালত অজগৰ আৱদ্ধ হোৱাৰ খৱৰে অঞ্চলজুৰি বিয়পাই তীব্ৰ চাঞ্চল্য।

প্ৰেৰকসঞ্জীৱ কুমাৰ দাস

You might also like