বনকর্মীৰ চূড়ান্ত হেমাহিঃ ডিঙিত ফাঁচ লাগি জিৰাফৰ অস্বাভাৱিক মৃত্যু
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষৰ চূড়ান্ত হেমাহি আৰু জীৱ–জন্তুৰ প্রতি থকা বনকর্মীৰ দায়িত্বহীন মনোভাবৰ বাবেই কালি নিশা ৰাজ্যিক চিৰিয়াখানাত থকা এটা জিৰাফৰ মৃত্যু হয়৷ এটাৰ পাছত আনটো জন্তুৰ মৃত্যুত একপ্রকাৰ উদং হৈ পৰা ৰাজ্যিক চিৰিয়াখানাত যোৱা বছৰ বহিঃৰাজ্যৰ পৰা দুটা জিৰাফ অনা হৈছিল যদিও বিভাগীয় কর্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই দর্শকক আমোদ দিয়া জিৰাফটোৰ অস্বাভাৱিক মৃত্যু হয়৷
অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’গৰাকীয়ে জানিবলৈ দিয়া মতে, গঁৰালৰ ভিতৰত দিয়া খাদ্য খাই থকাৰ সময়তে নিশা জিৰাফটোৰ লোৰ জালত ফাঁচ লাগি মৃত্যুমুখত পৰে৷ জিৰাফৰ চোৱা–চিতাৰ দায়িত্বত থকা বনকর্মীয়ে নিশা প্রায় ১০.৩০ বজাত জিৰাফটোৰ মৃত্যু হোৱা বুলি বিভাগীয় কর্তৃপক্ষক খবৰ দিয়ে৷
পৰৱর্তী সময়ত মৃত জিৰাফটো মৰণোত্তৰ পৰীক্ষাৰ বাবে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়লৈ প্রেৰণ কৰা হয়৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পাছতহে জিৰাফটোৰ মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব বুলি ডি এফ অ’গৰাকীয়ে জানিবলৈ দিছে৷ সেয়া যিয়েই নহওক, চিৰিয়াখানাত দর্শকৰ বাবে পিঞ্জৰাবদ্ধ কৰি ৰখা জীৱ–জন্তুৰ প্রতি যে চিৰিয়াখানা কর্তৃপক্ষ তথা বনকর্মী দায়বদ্ধ নহয়, জিৰাফটোৰ অস্বাভাৱিক মৃত্যুৱে এই কথা প্রমাণ কৰে৷ জিৰাফৰ মৃত্যুক লৈ বিভিন্ন দল–সংগঠন আৰু প্রকৃতিপ্রেমীয়ে প্রতিক্রিয়া প্রকাশ কৰি এই ঘটনাৰ উচ্চ পর্যায়ৰ তদন্ত বিচৰাৰ উপৰি চোৱা–চিতাৰ দায়িত্বত থকা বনকর্মীৰ প্রতি ব্যৱস্থা গ্রহণৰ বাবে অসম চৰকাৰৰ বন বিভাগক আহ্বান জনাইছে৷
এইক্ষেত্রত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই প্রতিক্রিয়া প্রকাশ কৰি কয় যে চিৰিয়াখানা কর্তৃপক্ষৰ হেমাহিৰ বাবে বিগত সময়ছোৱাত মুঠ ৮৭০টা জীৱ–জন্তুৰ মৃত্যু হৈছে৷ আৰ টি আইৰ তথ্য অনুসৰি চিৰিয়াখানাত এই বৃহৎসংখ্যক জীৱ–জন্তুৰ মৃত্যু হোৱাত অসম চৰকাৰক তথ্য সহকাৰে অৱগত কৰা হৈছিল যদিও বিষয়টো বন বিভাগে আওকাণ কৰিছে৷ বনমন্ত্রী পৰিমল শুক্লবৈদ্যই মাজে–সময়ে চিৰিয়াখানাত বহিঃৰাজ্যৰ পৰা দুই–এটা জন্তু আনি চমক সৃষ্টি কৰিছে যদিও প্রকৃততে চিৰিয়াখানাৰ প্রায়ভাগ গঁৰাল সম্প্রতি খালী থকা দেখা গৈছে৷ জিৰাফৰ গঁৰালৰ চৌপাশে চাৰিটা চিচি টিভি কেমেৰা থকাৰ পাছতো কি কাৰণে জিৰাফটোৰ মৃত্যু হ’ল, সেই তথ্য পোহৰলৈ নহাটো ৰহস্যজনক বুলি তেওঁ মন্তব্য কৰিছে৷ তদুপৰি চিৰিয়াখানাৰ ভিতৰত মৃত্যুবৰণ কৰা বহু জীৱ–জন্তুৰ তথ্য বিভাগীয় কর্তৃপক্ষই গাপ দিয়া বুলি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সম্পাদকগৰাকীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে দীর্ঘদিনৰ পাছত যোৱা বছৰ দর্শকৰ বাবে বহিঃৰাজ্যৰ পৰা ৰাজ্যিক চিৰিয়াখানালৈ দুটা জিৰাফ অনা হৈছিল৷