নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্ত্ৰী স্বাভিমান : বৰছলাৰ এদল উচ্চশিক্ষিত মহিলাৰ উজ্জ্বল নিদৰ্শন

বিশেষ বাৰ্তা, ২ জুন : যি সময়ত ৰাজ্যৰ একাংশ উচ্চশিক্ষিত যুৱক-যুৱতীয়ে চাকৰিমুখী এক ধাৰণা মনত পুহি ৰাখি বছৰৰ পিছত বছৰ ধৰি বিফলতাৰ মুখ দেখি হতাশাগ্ৰস্ত হৈ পৰিছে, সেই সময়তে বৰছলা সমষ্টিৰ এদল উচ্চশিক্ষিত মহিলাই কম মূলধনেৰে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হৈ আত্মনিৰ্ভৰশীলতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে ৷ উল্লেখ্য যে বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰাৰ এৰাসুঁতি গাঁৱত ধৰিত্ৰী মহিলা সংঘৰ ১১গৰাকী উচ্চ শিক্ষিত মহিলাই (CSC) কমন ছাৰ্ভিচ চেন্টাৰৰ সহযোগত প্ৰথমে মাত্ৰ ৫ লাখ টকা বিনিয়োগ কৰি স্ত্ৰী স্বাভিমান নামৰ এক ছেনিটেৰী পেড নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি আত্মনিৰ্ভৰশীল হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ সম্পূৰ্ণ স্বাস্থ্যবিধি পালন কৰি স্বাস্থ্যসন্মতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ বৰছলা সমষ্টিৰ ঠেলামৰাৰ এৰাসুতি গাঁৱত ধৰিত্ৰী মহিলা সংঘই ছেনিটেৰী পেড নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নতুন প্ৰজন্মৰ প্ৰেৰণাৰ উৎস হৈ ৰৈছে ৷ ২০১৮ চনৰ অক্টোবৰ মাহত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডা: জাহানাৰা বেগমে ঠেলামৰাৰ বাপুজী ভৱনত শুভ উদ্বোধন কৰিছিল ১১গৰাকী মহিলাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা স্ত্ৰী স্বাভিমান নামৰ ছেনিটেৰী পেড নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগটো৷ ছেনিটেৰী পেড নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগৰ সভানেত্ৰী দক্ষিণা দেৱী গোজৰেল আৰু সম্পাদিকা যমুনা দেৱীৰ লগতে সদস্যাসকল ক্ৰমে মীৰা চেত্ৰী, সাৰদা সুবেদী, ৰাধিকা দেৱী, দীপা দেৱী, অঞ্জু দেৱী, ভাৰতী দেৱী, নমিতা শৰ্মা, ৰীতা দেৱী, কৌশিল্যা দেৱী, যমুনা দেৱীয়ে জনায় যে স্ত্ৰী স্বাভিমান নামৰ ছেনিটেৰী পেডৰ এটা পেকেটত ৮খনকৈ ছেনিটেৰী নেপকিন থাকে, ইয়াৰ বজাৰ মূল্য হৈছে ৪০ টকা ৷ ক’ভিডৰ পিছত বাণিজ্যিকভাৱে বজাৰ কিছু নিম্নগামী হৈছিল যদিও বৰ্তমান ১১গৰাকী মহিলাই পেড নিৰ্মাণৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হৈছে বুলি জনায় উদ্যোগী মহিলাসকলে ৷ বৰ্তমান ধৰিত্ৰী মহিলা সংঘই বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয়সমূহত গৈ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰি এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like