নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত কুখ্যাত সৰবৰাহকাৰীসহ বুজন পৰিমাণৰ কফ ছিৰাপ জব্দ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : নগৰবেৰাৰ টুপামাৰীত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। সোমবাৰে নিশা চলা এক অভিযানত বৃহৎ পৰিমাণৰ কডিইনযুক্ত নিচাজাতীয় কফ ছিৰাপসহ গ্ৰেপ্তাৰ কৰা হয় এজন কুখ্যাত ব্যৱসায়ীক। আৰক্ষীৰ জালত পৰে দক্ষিণ কামৰূপৰ কুখ্যাত ড্ৰাগছ মাফিয়া মোস্তাফা নুৰ আলম। নুৰ আলমৰ ঘৰ গৰৈমাৰীৰ লাৰুৱাজানত। নুৰ আলমৰ পৰা আৰক্ষীয়ে ১৪০টাকৈ কডিইনযুক্ত নিচাজাতীয় কফ ছিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাৰ নেতৃত্বত চলে এই সফল অভিযান। উল্লেখ্য যে ধৃত মোস্তাফাই দক্ষিণ কামৰূপৰ বিশেষকৈ সংখ্যালঘু বসতিপ্ৰধান অঞ্চল গৰৈমাৰী, জোৰশিমুলী, সোণতলী, কালাতলী, টুপামাৰী আদিত চলাই গৈছিল ড্ৰাগছ আৰু কডিইনযুক্ত কফ ছিৰাপৰ অবাধ বেহা। এই কুখ্যাত মোস্তাফা নুৰ আলমে ইতিপূৰ্বে একাধিকবাৰ ড্ৰাগছ, চুৰি আদি কেছত জে’ললৈ গৈছে যদিও জে’লৰ পৰা ওলায়েই পুনৰ আৰম্ভ কৰে ড্ৰাগছৰ বেহা। এইজন কুখ্যাত ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ পাছতে টুপামাৰী আৰক্ষী আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাক ভূয়সী প্ৰশংসা কৰাৰ লগতে টুপামাৰী অঞ্চলটোক ড্ৰাগছমুক্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like