নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লুত অঞ্জলি শ্ব–বিকাশ কুমাৰ শ্বৰ নৃশংস কাণ্ড

🔹 মহাৰাষ্ট্রৰ হীৰা ব্যৱসায়ীৰ হত্যাকাণ্ডৰ সবিশেষ

🔹 তেজে তুমৰলি অৱস্থাত উদ্ধাৰ সন্দীপ সুৰেশ কাম্বলেৰ মৃতদেহ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ফেব্রুৱাৰী : বিবাহবহির্ভূত সম্পর্ক কিমান ভয়ংকৰ হ’ব পাৰে সেয়া পুনৰ প্রমাণিত হ’ল৷ এই সম্পর্কৰ আঁত ধৰিয়েই সুদূৰ মহাৰাষ্ট্রৰ পুনেৰ এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ীয়ে নিজৰ প্রাণ হেৰুৱাবলগীয়া হ’ল৷ মহানগৰী গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত অভিজাত হোটেল ৰেডিছন ব্লুত কালি বিয়লি সংঘটিত হৈছিল এই নৃশংস কাণ্ড৷ মৃত লোকজন মহাৰাষ্ট্রৰ পুনেৰ শাস্ত্রী নগৰ এলেকাৰ সুৰেশ কাম্বলেৰ পুত্র সন্দীপ সুৰেশ কাম্বলে (৪৪)৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অতি তৎপৰতাৰে মহানগৰ আৰক্ষীয়ে হত্যাকাণ্ডটোৰ মূল অভিযুক্তদ্বয় ক্রমে পশ্চিমবংগৰ হাওৰাৰ অঞ্জলি শ্ব’ (২৫) আৰু বিকাশ কুমাৰ শ্ব’ (২৩)ক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কালি হোটেলখনৰ ৯২২ নম্বৰ ৰুমত তেজে তুমৰলি হৈ থকা অৱস্থাত ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ হোটেল কর্তৃপক্ষই লগে লগে আৰক্ষীক অৱগত কৰাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ মৃতদেহটো উদ্ধাৰ কৰে৷ আৰক্ষীয়ে প্রয়াত সন্দীপ সুৰেশ কাম্বলেৰ ভাতৃ বিশাল কাম্বলেৰ গোচৰৰ ভিত্তিত জালুকবাৰী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৪নং ধাৰাৰ অধীনত ৫৩/২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰি হত্যাকাণ্ডটোৰ তদন্ত অব্যাহত ৰাখিছে৷

কোন এই সন্দীপ সুৰেশ কাম্বলে?

মহাৰাষ্ট্রৰ পুনে জিলাৰ শাস্ত্রীনগৰ আৰক্ষী থানাৰ অন্তর্গত পামাকুটি পায়েথা য়েৰাৱাড়া পুনেৰ সুৰেশ কাম্বলেৰ পুত্র সন্দীপ সুৰেশ কাম্বলে৷ এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ী হিচাপে পুনেত জনাজাত সন্দীপ সুৰেশ কাম্বলে গাড়ী আৰু হীৰাৰ ব্যৱসায়ৰ লগত জড়িত৷ বিশেষকৈ হীৰাৰ ব্যৱসায়ী হিচাপে সন্দীপ সুৰেশ কাম্বলে ব্যৱসায়িক মহলত অধিক জনাজাত৷ হীৰাৰ অলংকাৰৰ কেইবা কোটি টকাৰ ব্যৱসায়িক সাম্রাজ্যৰ গৰাকী সন্দীপ সুৰেশ কাম্বলে৷ বিবাহিত সন্দীপ সুৰেশ কাম্বলেৰ ১৩ বছৰীয়া সন্তানো আছে৷ ব্যৱসায়িক সাম্রাজ্য প্রসাৰৰ বাবে প্রায়েই দেশৰ বিভিন্ন প্রান্তলৈ সঘন আহ–যাহ কৰে ব্যৱসায়ীগৰাকীয়ে৷ বিগত ২০২৩ বর্ষৰ ছেপ্টেম্বৰ মাহত ব্যৱসায়ৰ কামত গুৱাহাটীলৈ আহি হোটেল ৰেডিছন ব্লুতে বাহৰ পাতিছিল সন্দীপ সুৰেশ কাম্বলেই৷ সেই সূত্রে ব্যৱসায়িক দিশৰ পৰা অসমৰ সৈতেও ব্যৱসায়ীজনৰ এটা সম্পর্ক আছিল৷

৫ ফেব্রুৱাৰীৰ দিনা প্রকৃততে কি ঘটিছিল?

৫ ফেব্রুৱাৰীৰ দিনা দিনৰ প্রায় ১২.৫০ বজাত হোটেল ৰেডিছন ব্লুত প্রেয়সী অঞ্জলি শ্ব’ৰ সৈতে আহি উপস্থিত হৈছিল সন্দীপ সুৰেশ কাম্বলে৷ হোটেলখনত আগতেই বুকিং কৰি থোৱা ৯২২ নম্বৰ কোঠাত প্রেয়সীৰ সৈতে বাহৰ পাতিছিল ব্যৱসায়ীজনে৷ প্রেয়সী অঞ্জলি শ্ব’ৰ অনুৰোধত গুৱাহাটীলৈ আহিছিল ব্যৱসায়ীজন৷ কিন্তু তেওঁ হয়তো সপোনতো ভবা নাছিল কালিৰ দিনটোৱে তেওঁৰ জীৱনৰ অন্তিম দিন হ’ব৷ প্রেয়সীৰ সৈতে গুৱাহাটীলৈ আহি উভতি যোৱাৰ সময়ত কামাখ্যা মন্দিৰ দর্শন কৰাৰো পৰিকল্পনা আছিল মৃত সন্দীপ সুৰেশ কাম্বলেৰ৷ হোটেললৈ অহাৰ পাছতে ব্যৱসায়ীজনৰ প্রেয়সী অঞ্জলিয়ে নিজৰ আন এজন প্রেমিক বিকাশ শ্ব’ক পূর্বৰে পৰা তেওঁলোকৰ ভ্রমণৰ সকলো তথ্য গোপনে প্রদান কৰিছিল৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজি সংবাদ মেলযোগে সদৰী কৰা মতে, সম্পূর্ণ পূর্ব পৰিকল্পনাৰে ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেক জেৰা কৰাৰ মানসিকতাৰে প্রেয়সী অঞ্জলি শ্ব’ৱে সকলো কাম কৰিছিল৷ কলকাতাৰ পৰা গুৱাহাটীলৈ অকলে আহি বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত সন্দীপৰ সৈতে লগালগি হৈছিল অঞ্জলি৷ তেওঁলোকৰ পিছে পিছে আহিছিল বিকাশ শ্ব’৷ পূর্ব পৰিকল্পনা অনুসৰি বিকাশেও ৰেডিছন ব্লুৰ ১০২৪ নং কোঠা বুকিং কৰি তাতেই বাহৰ পাতিছিল৷ সন্দীপ–অঞ্জলিয়ে হোটেলৰ কোঠাত প্রৱেশ কৰাৰ কিছু সময় পাছতে বিকাশেও নিজৰ কোঠাত সোমাইছিল৷ বিকাশে যাতে অনায়াসে তেওঁলোকৰ ৰুমত প্রৱেশ কৰিব পাৰে, তাৰ বাবে অঞ্জলিয়ে কৌশলেৰে হোটেলৰ ৰুমৰ মূল দর্জাখনৰ কিছু অংশ খুলি থৈছিল৷ দিনৰ প্রায় ২ বজাত বিকাশ শ্ব’ৱে পূর্ব নির্ধাৰিত পৰিকল্পনা মতে অঞ্জলি–সন্দীপৰ ৰুমত প্রৱেশ কৰে৷ প্রৱেশ কৰাৰ পাছতে ৰুমৰ দুৱাৰ লক কৰে বিকাশ শ্ব’ৱে৷ নিজৰ ব্যক্তিগত কোঠালিত হঠাতে আন এজন লোকক প্রত্যক্ষ কৰি হতভম্ব হৈ পৰে সন্দীপ সুৰেশ কাম্বলে৷ কিছু সময়ৰ ভিতৰতে দুয়োজনৰ মাজত তীব্র বাকবিতণ্ডা হয়৷ উল্লেখ্য যে ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেৰ ম’বাইল ফোনত অঞ্জলি শ্ব’ৰ কেইবাখনো নিবিড় মুহূর্তৰ ফটো আছিল৷ সেই ফটোকেইখন নোহোৱা কৰাৰ বাবে ম’বাইল ফোনটো নিবলৈ এনেদৰে পৰিকল্পনা কৰা হৈছিল বুলি আৰক্ষীৰ আগত অঞ্জলি শ্ব’ৱে স্বীকাৰোক্তি দিছে৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, বিকাশ আৰু সন্দীপৰ মাজত সৃষ্টি হোৱা বাকবিতণ্ডাৰ অন্তত সন্দীপক কেইবাবাৰো গুৰুতৰভাৱে আঘাত কৰিছিল বিকাশ শ্ব’ৱে৷ সন্দীপক নিচাসক্ত কৰি তোলাৰ বাবে প্রেয়সী অঞ্জলিয়ে ভাঙৰ লাড়ুও লগত লৈ আনিছিল৷ তাৰে কিছু অংশ সন্দীপক সেৱনো কৰোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে অঞ্জলিয়ে৷ বিকাশৰ উপর্যুপৰি আঘাতত এসময়ত লেবেজান হৈ পৰা সন্দীপৰ নাকে–মুখে তেজ বাহিৰ হৈছিল৷ আনকি সন্দীপক অচেতন হোৱাৰ পাছত বান্ধিবলৈ গামোচাৰ কাপোৰেৰে প্রস্তুত কৰা পাঁচডাল ৰছীও অঞ্জলিয়ে লগত লৈ আহিছিল৷ কিন্তু বিকাশৰ প্রহাৰত আঘাতপ্রাপ্ত হৈ লেবেজান হোৱা সন্দীপক বন্ধাৰ প্রয়োজন পাছত নহ’ল৷ অকল হাতেৰে প্রহাৰ কৰাই নহয়, সন্দীপৰ ৰুমত এটা ষ্টীলৰ ডাষ্টবিনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ উক্ত ডাষ্টবিনেৰেও সন্দীপক প্রহাৰ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ ইপিনে, শাৰীৰিকভাৱে প্রহাৰ কৰাত লেবেজান হৈ পৰা সন্দীপ সুৰেশ কাম্বলেক হোটেলৰ ৰুমতেই এৰি দিনৰ ২.৪৫ বজাত ততাতৈয়াকৈ হোটেল ত্যাগ কৰিছিল বিকাশ আৰু অঞ্জলিয়ে৷ হোটেল এৰাৰ কিছু মুহূর্তৰ পাছতে হোটেলখনৰ ৰিচেপচনলৈ ফোন কৰি বিকাশ-অঞ্জলিয়ে কর্মচাৰীক হোটেলখনৰ ৯২২নং ৰুমত থকা লোকজন অসুস্থ হৈ পৰিছে আৰু তেওঁক পৰীক্ষা কৰাৰ প্রয়োজন আছে বুলি জনাইছিল৷

নৃশংস হত্যাকাণ্ডৰ আঁৰৰ কাহিনী

বিগত ২০২৩ বর্ষৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীলৈ ব্যৱসায়িক কামত অহা সন্দীপ সুৰেশ কাম্বলে ঘৰলৈ উভতি যোৱাৰ সময়ত কলকাতা হৈ গৈছিল৷ কলকাতাৰ নেতাজী সুভাষ বসু আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত থকা সপ্তগিৰি নামৰ ৰেস্তোৰাঁখনত অঞ্জলি শ্ব’ৰ সৈতে চিনা-পৰিচয় হৈছিল৷ প্রথমতে সাধাৰণ চা–চিনাকি আৰু তাৰ পাছত ফোন নম্বৰৰ আদান–প্রদান দুয়োৰে মাজত হৈছিল৷ সময় যোৱাৰ লগে লগে দুয়োৰে সম্পর্ক বন্ধুত্বৰ পৰা প্রেমলৈ ৰূপান্তৰিত হৈ পৰিছিল৷ সম্পর্ক ইমানেই আগুৱাই গৈছিল যে কলকাতা, পুনে, মুম্বাইকে ধৰি বিভিন্ন স্থানৰ হোটেলত একেলগে নৈশ যাপন কৰিছিল সন্দীপ–অঞ্জলিয়ে৷ সন্দীপৰ অবৈধ প্রেমিকা হৈ পৰিছিল অঞ্জলি৷ বিভিন্ন সময়ত দুয়োৰে অন্তৰংগ মুহূর্তৰ ফটোও সন্দীপে নিজৰ ম’বাইলত আবদ্ধ কৰিছিল৷ মাজে সময়ে প্রেয়সী অঞ্জলিক দামী উপহাৰো প্রদান কৰিছিল সন্দীপে৷ ইতিমধ্যে বিবাহিত সন্দীপে অঞ্জলি শ্ব’ক বিয়া কৰোৱাৰ মন মেলিছিল৷ কিন্তু পূর্বৰে পৰা হাওৰাৰ ব্যৱসায়ী বিকাশ শ্ব’ৰ সৈতে অঞ্জলিৰ প্রেমৰ সম্পর্ক গোপনে চলি আছিল৷ ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলে এই সন্দর্ভত অৱগত হোৱাৰ পাছত বিকাশৰ সৈতে সম্পর্ক ছেদ কৰিবলৈ অঞ্জলিক বাৰম্বাৰ হেঁচা প্রদান কৰিছিল৷ কিন্তু অঞ্জলিয়ে সন্দীপৰ কথা মতে এই কাম কৰিবলৈ সাজু নাছিল৷ আৰক্ষীৰ আগত অঞ্জলিয়ে দিয়া স্বীকাৰোক্তি মর্মে সময় যোৱাৰ লগে লগে অঞ্জলিয়ে সন্দীপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা চলায়৷ কিন্তু অঞ্জলিৰ অভিপ্রায় লক্ষ্য কৰি সন্দীপে এইবাৰ তেওঁলোক দুয়োৰে অন্তৰংগ মুহূর্তৰ বিভিন্ন ফটোগ্রাফ দেখুৱাই ব্লেকমেইলিং কৰে অঞ্জলিক৷ ইয়াৰ পাছত এই কথাত ক্ষুণ্ণ অঞ্জলিয়ে সন্দীপৰ সৈতে সকলো সম্পর্ক ত্যাগ কৰে৷ অঞ্জলিৰ এই ব্যৱহাৰত ক্ষুণ্ণ হোৱা সন্দীপে অঞ্জলিৰ পৰিয়াল আৰু প্রেমিক বিকাশক বাৰম্বাৰ অঞ্জলিক তেওঁৰ সৈতে বিয়া হোৱাৰ সুযোগ দিবলৈ হেঁচা প্রদান কৰে৷ ইয়াতেই ক্ষান্ত নাথাকি অঞ্জলিৰ সৈতে থকা অন্তৰংগ মুহূর্তৰ ফটোবিলাকো বিকাশ শ্ব’লৈ প্রেৰণ কৰে সন্দীপে৷ অঞ্জলিৰ মতে এই ধৰণৰ আতিশয্য সহ্য কৰিব নোৱাৰি প্রেমিক বিকাশৰ সৈতে সন্দীপক হোটেলত লগ ধৰি ফোনটো কাঢ়ি আনি ব্লেকমেইলিং বন্ধ কৰাৰ পৰিকল্পনা কৰে৷ অৱশ্যে সন্দীপক হত্যা কৰাৰ অভিপ্রায় তেওঁলোকৰ নাছিল বুলি আৰক্ষীৰ আগত অঞ্জলিয়ে স্বীকাৰোক্তি দিয়ে৷ ৫ ফেব্রুৱাৰীত হোটেল ৰেডিছন ব্লুৰ কোঠাত সন্দীপক গুৰুতৰভাৱে আহত কৰি মুমূর্ষু অৱস্থাত পেলাই থৈ বিকাশ–অঞ্জলিয়ে প্রথমতে কামাখ্যা ৰে’ল ষ্টেচনলৈ যায়৷ কলকাতা অভিমুখী যিকোনো ৰে’লত উঠি পলায়ন কৰাৰ পৰিকল্পনা দুয়োৱে কৰে যদিও ষ্টেচনৰ পৰা ৰে’ল নথকাত তেওঁলোকে পৰিকল্পনা সলনি কৰে৷ তাৰ পিছত ৰে’লৰ সলনি বিমানেৰে কলকাতালৈ যোৱাৰ পৰিকল্পনা দুয়োৱে কৰে৷ সেই মর্মে বৰঝাৰৰ পৰা কালি নিশা ৯.১৫ বজাত কলকাতা অভিমুখী ইণ্ডিগো কোম্পানীৰ ৬ ই ৬৬৬৪ নম্বৰ বিমানৰ দুটা টিকট বুকিং কৰে৷ সেইমর্মে কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা দুয়োজনে বৰঝাৰ অভিমুখে যাত্রা আৰম্ভ কৰে৷ কিন্তু সন্দীপৰ হত্যাৰ খবৰ হোটেল কর্তৃপক্ষই আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি অঞ্জলি আৰু বিকাশ শ্ব’ক প্রত্যক্ষ কৰি হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ সন্দেহ প্রকাশ কৰি অভিযান আৰম্ভ কৰে৷ আৰক্ষীয়ে দুয়োজনৰ ম’বাইল ফোন ট্রেক কৰি বৰঝাৰ আৰক্ষী চকী এলেকাত দুয়োজনক সন্ধিয়া প্রায় ৫.৪২ বজাত গ্রেপ্তাৰ কৰি জালুকবাৰী আৰক্ষী থানালৈ নি জেৰা চলোৱাত দুয়োজনে নিজৰ অপৰাধ স্বীকাৰ কৰে৷ অৱশ্যে দুই অভিযুক্তই ব্লেকমেইলিঙৰ বাবে এই নৃশংস হত্যাকাণ্ড অজানিতে সংঘটিত হোৱা বুলি দাবী কৰিলেও আৰক্ষীয়ে এই ঘটনাটোক সহজভাৱে লোৱা নাই৷ ইয়াৰ আঁৰত আন কিবা কাৰণো জড়িত হৈ থকাৰ সন্দেহ প্রকাশ কৰি আৰক্ষীয়ে সম্প্রতি তদন্ত  অব্যাহত ৰাখিছে৷

You might also like