নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত বিদ্যুৎ সংযোগেৰে মৎস্য চিকাৰত জড়িত এজনক আটক

🔹 আৰক্ষীৰ গাফিলতিৰ অভিযোগ গঞাৰ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী মীন মহলৰ লগতে চাৰিকড়িয়া, কঢ়া, দাংধৰা আদি নৈ-বিল-পুখুৰী আদিতো একাংশ দুষ্কৃতিকাৰীয়ে দীৰ্ঘদিন ধৰি ইনভাৰ্টাৰৰ সহায়ত বিদ্যুৎ সংযোগ কৰি কেতবোৰ যন্ত্ৰপাতিৰ সহায়ত মৎস্য চিকাৰ কৰি চৰকাৰী মীন মহল আৰু বোৱঁতী নদীত অবাধ হাৰত মৎস্য ব্যৱসায় চলাই অহাৰ সময়তে এজন মৎস্য চিকাৰীক সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনাৰ ভাটি জালভাৰী গাঁও উন্নয়ন সমিতি আৰু গাঁওৰক্ষী বাহিনীয়ে যুৱ সংঘৰ সহযোগত আটক কৰি ঢকুৱাখনাৰ আৰক্ষীক চমজাই দিয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ঢকুৱাখনীয়াৰ আয়ুস ৰেখা চাৰিকড়িয়া নদীৰ লগতে অন্যান্য নদ-নদীসমূহতো মীন মহলদাৰ বা লেচীৰ মূৰত ৰামটাঙোন শোধাই দিনে-নিশাই গোপনে অবাধ হাৰত বিভিন্ন প্ৰজাতিৰ মাছ ধৰি মৎস্যকুলৰ প্ৰতি ভাবুকি সৃষ্টি কৰি উদৰ পূৰাই অহাৰ লগতে মাছ ব্যৱসায় চলাই অহা এই দুষ্ট চক্ৰৰ বিৰুদ্ধে শেহতীয়াকৈ ৰাইজ সজাগ হৈ নৈপৰীয়া গাঁওসমুহত অভিযান চলাই থকাৰ সময়তে আজি ভাটি জালভাৰী গাঁওস্থিত চাৰিকড়িয়া নদীৰ অংশত তেনে এক দৃশ্য প্ৰত্যক্ষ কৰাত গাঁও উন্নয়ন সমিতিয়ে সোণাৰি চাপৰি আৰক্ষী চকীত অৱগত কৰাত ভাৰপ্ৰাপ্ত প্ৰভাৰী অনন্ত কুমাৰ নৰহে মাছমৰীয়াসকলক ধৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে ফোনযোগে আৰক্ষী চকীলৈ (গোচৰ দিছে বুলি) মাটি পঠোৱাত ৰাইজ ক্ষুণ্ণ হয় ৷ আনহাতে, আৰক্ষীৰ ফোন পোৱাৰ মাত্ৰকে চোৰাং মাছমৰীয়াসকলে পলায়ন কৰে যদিও ভাটি জালভাৰী গাঁও উন্নয়ন সমিতি, গাঁওৰক্ষী বাহিনী আৰু যুৱ সংঘৰ সদস্যসকলে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বাঁহপৰা গাঁৱৰ ৰবি বৰ্মন নামৰ এজন লোকক এডাল পছাঁ, এএছ ০৭ টি ৬৩৪৮ নম্বৰৰ এখন পালছাৰ বাইক, এটা মোৱাইল ফোন আৰু ৬/৭ কেজি মাছসহ আটক কৰিবলৈ সক্ষম হয় যদিও মূল অভিযুক্ত বাঁহপৰা গাঁৱৰ খ্যাত বৰুৱা আৰু প্ৰদীপ বৰুৱাই পলাই যাবলৈ সক্ষম হয় ৷ আনহাতে, আটকাধীন ব্যক্তিগৰাকীক চমজি লবলৈ ভাটি জালভাৰী গাঁৱৰ ৰাইজে সোণাৰি চাপৰি আৰক্ষীক জনায় যদিও সোণাৰি চাপৰি আৰক্ষীৰ গাফিলতিৰ বাবেই শেষত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি আৰু সদৰ থানাৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত চন্দ্ৰ বৰুৱাৰ নেত্‌ত্বত অহা ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী দলক আটকাধীন মাছমৰীয়াগৰাকীক মাছ, বাইকসহ চমজাই দিব লগা হোৱাত সোণাৰি চাপৰি আৰক্ষীৰ চোৰাং মাছমৰীয়া আৰু চুলাই ব্যৱসায়ীৰে গোপন সম্পৰ্ক থকা বুলিও অভিযোগ তুলি ইয়াৰ এক ন্যায়িক তদন্তৰো দাবী জনায়।

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like