নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ কমাৰবন্ধাত নকল সোণসহ আটক এজন

বিশেষ বাৰ্তা,  ১৮ জুলাই : গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত বৰজান চাহ বাগিচাৰ আলতাব হুছেইন নামৰ এজন ব্যক্তিক বলোৰাম মজুমদাৰ নামৰ লোকজনে কৌশলৰে নকল সোণ বিক্ৰী কৰিবলৈ অহা অৱস্থাতে হাতে-লোটে কৰায়ত্ত কৰে । উল্লেখ্য যে পত্নীৰ অসুস্থতাৰ বাবে কিছু সোণ বিক্ৰী কৰিব বুলি ফোনযোগে জনোৱাত আলতাব হুছেইনে বলোৰামক ঘৰলৈ মাতি পঠিয়ায়। কথা মতে বলোৰাম মজুমদাৰে আলতাব হুছেইনৰ বাসগৃহত উপস্থিত হৈ প্ৰায় তিনি তোলা ওজনৰ সোণ হাতত তুলি দি ইয়াৰ মূল্য ডেৰ লাখ টকা বিচাৰে । কিন্তু আলতাব হুছেইনে সোণখিনি হাতত লৈ কিছু সন্দেহ হয় যদিও কৰায়ত্ত কৰাৰ উদ্দেশ্যে এক লাখ টকাত বন্দৱস্তি কৰে । বিষয়টো সন্দৰ্ভত আলতাব হুছেইনে কমাৰবন্ধা আৰক্ষী চকীত অৱগত কৰাত আৰক্ষীৰ দল আহি টকা নিবলৈ আহোঁতেই বলোৰাম মজুমদাৰক নকল সোণসহ হাতে-লোটে কৰায়ত্ত কৰে । আটকাধীন লোকজনৰ ঘৰ নাহৰণিত। বৰ্তমান কমাৰবন্ধা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে, নকল সোণৰ বেপাৰৰ সৈতে আন ব্যক্তিও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

 

প্ৰেৰক দিগন্ত কুমাৰ বৰা

You might also like