নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত নাৰিকল গছৰ পৰা পৰি এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা,  ৬ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটত এক শোকাৱহ ঘটনা সংঘটিত হয়। নাৰিকল গছৰ পৰা পৰি এজনৰ থিতাতে মৃত্যু হোৱা ঘটনাই সমগ্ৰ লাহৰীঘাট অঞ্চলত শোকৰ ছাঁ পেলাইছে। মৃত লোকজনৰ নাম ইব্ৰাহিম আলী (৩০)। মৃত লোকজন চেনিমাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মৃত লোকজনে আজি পুৱা লাহৰীঘাটৰ শংকৰ আজান বিদ্যালয়ৰ কাষতে থকা নাৰিকল গছ চাফা কৰিবলৈ উঠিছিল। পিছত গছৰ পৰা পৰি লোকজনৰ থিতাতে মৃত্যু হয়।

প্ৰেৰক আবুল কালাম

You might also like