নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত এমাহ ধৰি মানসিক বিকাৰগ্ৰস্ত যুৱক নিৰুদ্দেশ

নিয়মীয়া বাৰ্তা, ২২ জুন : বিলাসীপাৰা মহকুমাৰ আটানী আৰক্ষী চকীৰ অন্তৰ্গত খানাবাৰী পনেনয়ানী গাঁৱৰ বাসিন্দা নবু সেখৰ পুত্ৰ ৰফিজুল সেখ এমাহ ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোক শোকত ভাগি পৰিছে। পৰিয়ালৰ সূত্ৰই জনোৱা মতে, যোৱা ১২ মে’ৰ দিনা পুৱা আঠ বজাতে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত উভতি অহা নাছিল যুৱকজন। পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাই। কৃষিকৰ্মৰে কোনোমতে জীৱন সংগ্ৰাম চলাই যোৱা পৰিয়ালটোৱে উপায়হীন হৈ আটানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ এমাহ অতিক্ৰম কৰিলে যদিও আজিলৈকে ৰফিজুল সেখৰ কোনো সন্ধান পোৱা নাই। মানসিক বিকাৰগ্ৰস্ত, বাঁওহতীয়া যুৱকজন নিৰুদ্দেশ হৈ থকাৰে পৰা পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অসুস্থ হৈ পৰিছে যুৱকজনৰ মাতৃ। কোনোবাই যুৱকজনৰ সন্ধান পালে ৯৯৫৭২৮৪২৩৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like