নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত ভয়ংকৰ ভূমিস্খলনে প্রাণ ল’লে মাতৃ–পুত্রৰ

🔹 মুষলধাৰ বৰষুণৰ মাজতে গুৱাহাটীত অঘটন

 🔹 গুৰুতৰভাৱে আঘাতপ্রাপ্ত কন্যা ৰীমা দাস

বিশেষ বাৰ্তা, ৫ জুলাই : মুষলধাৰ বৰষুণে মহানগৰীৰ বিভিন্ন প্রান্তত জনজীৱন বিপর্যস্ত কৰি তোলাৰ সময়তে আজি পুৱাৰ ভাগত যোৰাবাটৰ আঠমাইলৰ সমীপৱর্তী গাৰোবস্তিত সংঘটিত ভয়াৱহ ভূমিস্খলত প্রাণ হেৰুৱালে মাতৃ–পুত্রই৷ অসহায় পিতৃৰ সমুখতে সংঘটিত শোকাৱহ ঘটনাটোৱে মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা অনুসৰি আজি পুত্র আৰু কন্যাৰ সৈতে তর্জাৰ বেৰৰ দুটা কোঠাযুক্ত ঘৰটোৰ এটা কোঠাত শুই আছিল ৰুমী দাস (৩৫) নামৰ মহিলাগৰাকী৷ কালি সন্ধিয়াৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে আনদিনাৰ তুলনাত সোনকালেই শোৱাপাটীত পৰিছিল দুর্ভগীয়া পৰিয়ালটো৷ সপোনতো ভবা নাছিল যে আজি পুৱাৰ ভাগত মৃত্যুই তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে৷ উল্লেখ্য যে দুটা কোঠাযুক্ত ঘৰটোৰ আনটো কোঠাত শুই আছিল পৰিয়ালটোৰ মুৰব্বী ৰাতুল দাস৷ কিন্তু পুৱাৰ ভাগত ঘটনাটো সংঘটিত হোৱাৰ কিছু পূর্বে শোৱাপাটীৰ পৰা উঠি ৰাতুল দাসে বাহিৰলৈ ওলাই আহে৷ তাৰ কিছু সময় পাছতেই ঘৰটোৰ সমীপৱর্তী পাহাৰৰ পৰা বিকট শব্দ কৰি চপৰা চপৰে খহি পৰে ৰঙা মাটি৷ লগে লগে মাটিখিনিয়ে কোঠাটো হেঁচা মাৰি ধৰে৷ ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰা ৰাতুল দাসে পত্নী–পুত্র–কন্যাক ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ কয় যদিও কোনোধৰণৰ সঁহাৰি নোপোৱাত চিঞৰি চিঞৰি ওচৰ-চুবুৰীয়াক বাহিৰলৈ আহিবলৈ আহ্বান জনায়৷ লগে লগে ৰাতুল দাসৰ মৰণকাতৰ আর্তনাদ শুনি ওচৰ-চুবুৰীয়াই ঘটনাস্থলীলৈ আহি মাটিৰ তলৰ পৰা পত্নী ৰুমী দাস, ৫ বছৰীয়া পুত্র চম্পক দাস আৰু ১৪ বছৰীয়া ৰীমা দাসক উদ্ধাৰ কৰে যদিও ইতিমধ্যে ৰুমী দাস আৰু কণমানি চম্পক দাসৰ থিতাতে মৃত্যু হয়৷ লগে লগে ওচৰ-চুবুৰীয়াই গুৰুতৰভাৱে আহত ৰাতুল দাসৰ কন্যা ৰীমা দাসক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ সম্প্রতি কিশোৰীগৰাকী জীৱন–মৃত্যুৰ সৈতে হাস্পতালত যুঁজি আছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে দিনহাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দিয়া ৰাতুল দাসে বিগত তিনি মাহ পূর্বে ভাৰাতীয়া হিচাপে উক্ত ঘৰটোলৈ আহিছিল৷ প্রকৃততে মাটিখিনি আছাম ৰাইফলছত কর্মৰত হীৰেন পাঠক নামৰ জোৱানজনৰ বুলি জানিব পৰা গৈছে৷ অত্যন্ত ভূমিস্খলনপ্রৱণ এলেকাত থকা মাটিখিনিত বিগত তিনি মাহ ধৰি পৰিয়ালটোৱে বিপদসংকুলভাৱে বসবাস কৰাৰ পাছতো মাটিখিনিত কোনোধৰণৰ সুৰক্ষামূলক ব্যৱস্থা লোৱা হোৱা নাছিল বুলি স্থানীয় লোকে জনাইছে৷ গাৰোবস্তিৰ উক্ত পাহাৰীয়া অঞ্চলটোৰ গাঁওখনত প্রায় ৭০–৮০টা পৰিয়ালে অত্যন্ত বিপদসংকুলভাৱে বসবাস কৰি আছে৷ আগন্তুক সময়ত বৰষুণৰ প্রাবল্য যদিহে নকমে, তেন্তে পুনৰ ভয়ংকৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনাই সম্প্রতি খেদি ফুৰিছে তাত থকা পৰিয়ালকেইটাক৷ মন কৰিবলগীয়া যে কামৰূপ মহানগৰ জিলাৰ দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে বিগত কেইবাবছৰ পূর্বে মহানগৰীৰ কেইবাটাও স্থান অত্যন্ত ভূমিস্খলনপ্রৱণ এলেকা বুলি চিহ্ণিত কৰি তাত উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰলৈ এখন প্রতিবেদন প্রেৰণ কৰিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে উক্ত প্রতিবেদনৰ ওপৰত কোনোধৰণৰ ব্যৱস্থা চৰকাৰীভাৱে লোৱা নহ’ল৷ যাৰ পৰিণতিত মহানগৰীৰ বিভিন্ন প্রান্তত আজিও ভূমিস্খলনৰ বাবে বহু লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ আজি এগৰাকী অসহায় স্বামী তথা পিতৃৰ চকুৰ সমুখতে দুর্ভাগ্যজনকভাৱে প্রাণ হেৰুৱালে পত্নী আৰু পুত্রই৷ ঘটনাস্থলীত উপস্থিত থাকিও কোনো প্রকাৰে পত্নী–পুত্রক সহায় কৰিব নোৱাৰিলে দুর্ভগীয়া ৰাতুল দাসে৷ শোকাৱহ এই ঘটনাটো দুদিন পিছতে হয়তো সকলোৰে বাবে অতীত হৈ পৰিব ৷ কিন্তু ঘটনাটোৰ ফলত পোৱা দুখখিনি অকল ৰাতুল দাসৰ দৰে দুর্ভগীয়া পিতৃ–স্বামীয়েহে উপলব্ধি কৰিব৷

You might also like