নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াত মাতৃৰ বিৰুদ্ধে এমহীয়া পুত্ৰ সন্তানক হত্যাৰ অভিযোগ

🔹 পতিয়ে পূৰ্বৰ পত্নীৰে যোগাযোগ ৰখাক লৈ ক্ষুণ্ণ

নিয়মীয়া বাৰ্তা, ১ জুন : চতিয়াৰ ১নং আদাভেটী গাঁৱত আজি পুৱা নিজ মাতৃয়ে শোৱাপাটীতে এমহীয়া পুত্ৰ সন্তানক হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰাপ্ত অভিযোগ মতে, গাঁওখনৰ চফিকুল ইছলাম নামৰ ব্যক্তিগৰাকীৰ দ্বিতীয় পত্নী মচিদা খাতুনে শোৱাপাটীতে নিজ সন্তানক হত্যা কৰে৷ গাঁওখনৰ লোকসকলে জনোৱা মতে, আজি পুৱা ৪.৩০ মান বজাত পৰিয়ালটোত কন্দা-কটাৰ লগতে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত গাঁৱৰ লোকসকল পৰিয়ালটোৰ চোতালত গোট খায় ৷ উপস্থিত লোকসকলক পৰিয়ালটোৰ পৰা জনোৱা হয় যে শোৱাপাটীত মচিদা খাতুনৰ এমহীয়া সন্তানটোক মৃত অৱস্থাত পোৱা গৈছে ৷ গাঁওবাসীয়ে বিছনাতে মৃত অৱস্থাত পৰি থকা শিশুটিক প্ৰত্যক্ষ কৰাৰ সময়ত শিশুটিৰ নাকেৰে তেজ ওলাই থকাৰ লগতে পিন্ধি থকা গেঞ্জীটো ৰক্তাক্ত হৈ থকা আৰু ডিঙি, পিঠিত আঘাতৰ চিন দেখা পায় ৷ উল্লেখ্য যে তিনি সন্তানৰ পিতৃ চফিকুল ইছলামে প্ৰথমা পত্নীৰ লগত বিবাহ বিচ্ছেদ হোৱাত দ্বিতীয় পত্নী ৰূপে বিবাহ বিচ্ছেদিত মচিদা খাতুনক বিবাহ কৰাইছিল ৷ গাঁৱৰ লোকসকলে প্ৰকাশ কৰা মতে, চফিকুলে ফোনযোগে প্ৰথমা পত্নীৰ লগত যোগাযোগ ৰখাক লৈ পতি-পত্নীৰ মাজত প্ৰায়ে তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈ আহিছিল ৷ পৰিয়ালৰ সদস্যসকলৰ লগতে স্বামীয়ে অভিযোগ কৰা অনুসৰি, মচিদাই সন্তানটোক হত্যা কৰিছে ৷ গাঁওবাসীৰ আগত কেইদিনমান আগতে পতিৰ আচৰণত ক্ষুণ্ণ হোৱা মচিদাই সন্তানটোক হত্যা কৰি আত্মহত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে ৷ পতি, পত্নী আৰু এমহীয়া সন্তানটো শুই থকা অৱস্থাতে সন্তানটোক মৃত অৱস্থাত পোৱাত আৰক্ষীয়ে সন্তানটোৰ হত্যাত স্বামীৰ হাত আছে নেকি জানিবলৈ বিচৰাত মচিদাই স্বামীৰ ওপৰত কোনো অভিযোগ প্ৰকাশ নকৰিলে ৷ ঘটনাস্থলীত চতিয়া আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃত শিশুটিৰ লগতে মাতৃ আৰু পিতৃক চতিয়া থানালৈ আনে ৷ চতিয়া আৰক্ষীয়ে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

প্ৰেৰক প্ৰণৱ ওজা

You might also like