দুৰ্ঘটনাত আহত কমেও ২০ যাত্ৰী
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ আজি আবেলিৰ ভাগত বজালীৰ ধুমাৰকুৰৰ সমীপৰ কাটলা পথাৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন নৈশবাছ লুটি খাই পৰি কমেও ২০ যাত্ৰী আহত হৈছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বৰপেটা ৰোডৰ শিমলাগুৰিৰ পৰা ডিগবৈলৈকে গৈ থকা AS15AC5379 নম্বৰৰ ৰিশান নামৰ যাত্ৰীবাহী নৈশ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাঁতিৰে পথাৰত বাগৰি পৰাত বহুকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয়৷ ইয়াৰ ভিতৰত কমেও দহগৰাকী যাত্ৰীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। আহত যাত্ৰীসকলক ইতিমধ্যে পাঠশালাস্থিত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ গাড়ীখন কি কাৰণত দুৰ্ঘটনাগ্ৰস্ত হ’ল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ যাত্ৰীয়ে চালকজনে তেওঁলোকৰ সন্মুখতে মদ্যপান কৰা বুলি অভিযোগ উত্থাপন কৰি মদ্যপান কৰাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি দাবী কৰে৷
প্ৰেৰক কল্যাণ কলিতা