🔹 আনন্দ বজাৰত সদৌ অসম সত্র মহাসভাৰ প্রতিষ্ঠা দিৱসত নৰেশ কলিতা
নিয়মীয়া বার্তা, আনন্দ বজাৰ, ১৭ ফেব্রুৱাৰী : বাক্সা জিলাৰ আনন্দ বজাৰস্থিত শংকৰদেৱ শিশু নিকেতনত কালি সদৌ অসম সত্র মহাসভাৰ কেন্দ্রীয় প্রতিষ্ঠা দিৱস দিনজোৰা কার্যসূচীৰে উদযাপন কৰা হয়৷ পুৱা পতাকা উত্তোলন, বন্তি প্রজ্বলন, শ্বহীদ তর্পণ, গছপুলি ৰোপণৰ পিছত দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা৷ সত্র মহাসভাৰ কেন্দ্রীয় উপ–সভাপতি প্রদীপ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নির্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই৷ নির্দিষ্ট বক্তাৰ ভাষণত নৰেশ কলিতাই কয় – ‘আনন্দ বজাৰৰ দৰে ঠাইত প্রতিষ্ঠা দিৱস উদযাপন কৰি সদৌ অসম সত্র মহাসভাই গধুৰ দায়িত্ব পালন কৰিছে৷ মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজি, সংস্কৃতিক লৈ বা আমাৰ জাতি গঠনক লৈ তেওঁলোকৰ অৱদান আমি কম–বেছি পৰিমাণে সকলোৱে জানো৷ আমাৰ জাতি গঠনৰ বাবে মহাপুৰুষগৰাকীয়ে যি অৱদান আগবঢ়াইছে, এতিয়ালৈকে দ্বিতীয় এগৰাকী ব্যক্তিৰ অসমত জন্ম হোৱা নাই৷ যোৱা বছৰৰ ২ অক্টোবৰত অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰিছে৷ অসমীয়া ভাষাৰ যি স্বীকৃতি এই স্বীকৃতিৰ মূলতেই হ’ল মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজি৷ আমাৰ ভাষাটো ঐতিহাসিক ভাষাৰূপে প্রতিপন্ন কৰিবলৈ যিসমূহ সমল সন্দৰ্ভত অসম সাহিত্য সভা বা আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে তথ্য দাঙি ধৰিছিল তাৰ সিংহভাগেই আছিল মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজি৷ আজি আমাৰ জাতিটোৱে সংকটৰ সন্মুখীন হৈছে বুলি বিভিন্ন ধৰণৰ আশংকা কৰা হৈছে৷ এই মুহূর্তত আমি গুৰুজনাৰ সৃষ্টিৰাজিক প্রতিষ্ঠা কৰা আৰু তেখেতৰ সৃষ্টিৰাজিৰে জাতিটোক অগ্রসৰ কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব লাগিব আৰু এইক্ষেত্রত কেইটামান বছৰ এগৰাকী সংবাদকর্মী হিচাপে মই স্পষ্ট ৰূপত দেখিছোঁ যে সদৌ অসম সত্র মহাসভাই গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বত প্রতিষ্ঠা কৰাৰ ক্ষেত্রত নিৰলস পদক্ষেপ গ্রহণ কৰি আহিছে৷ মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজি, তেওঁৰ সৃষ্টি বিজড়িত সত্রসমূহ আজি বহু পৰিমাণে সংকটত পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ সত্রসমূহক লৈ আমি সজাগ আৰু সচেতন এগৰাকী সংবাদকর্মী হিচাপে৷ তেওঁ কয়– অসমত ডেৰ সহস্ৰাধিক সত্র আছে৷ এই সত্রসমূহে গুৰুজনাৰ সৃষ্টিৰাজিৰ চর্চা অব্যাহত ৰাখি অসমীয়া জাতটোক সমৃদ্ধিশালী কৰাৰো পদক্ষেপ লৈছে৷ কিন্তু এটা কথাত আমি মন দিব লাগিব যে আমাৰ সত্রসমূহৰ যিসমূহ ভূমি আছে অধিকসংখ্যক সত্রই আজি দখলকাৰীৰ কবলত পৰিছে৷ আজি সত্রসমূহক নিঃশেষ কৰাৰ কাৰণে এটা বিশেষ সম্প্রদায়ে লক্ষ্য কৰি লৈছে৷ আমাৰ জাতিটোক আক্রমণ কৰাৰ লক্ষ্যৰে সেইসকলেই আমাৰ সত্রসমূহক নিঃশেষ কৰাৰ কাৰণে পৰিকল্পিতভাৱে পদক্ষেপ লৈছে৷ আমাৰ সত্রসমূহ একত্রিত হৈ থাকিব পাৰিলে আমাৰ জাতিটো ভৱিষ্যৎ দিনত শক্তিশালী হ’ব৷ মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজি আমাৰ সংস্কৃতিৰ এটা অংশ আৰু আমাৰ সংস্কৃতি, জাতীয়তাবাদ, আৱেগ জড়িত আছে আমাৰ ভাষাক লৈ৷
আমাৰ ভাষাটোৰ যি পৰিৱর্তন সেয়া আজিৰ নহয়৷ বিশ্বৰ বিভিন্ন ভাষা সময়ৰ সোঁতত মৃত্যুমুখত পৰিছে৷ অসমীয়া ভাষাক লৈও বিভিন্ন সময়ত আশংকা কৰা হৈছে৷ আজি ইংৰাজী মাধ্যমৰ বিদ্যালয় বৃদ্ধি হোৱাত ইংৰাজী মাধ্যমৰ ছাত্র–ছাত্রীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে এইধৰণৰ আশংকাও কৰা হৈছে যে অসমীয়া ভাষাটো মৃত্যুমুখত পৰিব৷ কিন্তু এইধৰণৰ আশংকা মোৰ দৃষ্টিত একেবাৰে অনুমেয়৷ আমাৰ ভাষাটোৰ এটা দশকৰ ভিতৰত কি ধৰণে পৰিৱর্তন হৈছে সেয়া আচৰিত হ’বলগীয়া৷ প্রথম অসমীয়া অভিধান ‘হেমকোষ’ত আমাৰ শব্দৰ সংখ্যা আছিল ২৪ হাজাৰ আৰু হেমকোষৰ ২০২৪ চনৰ যি সংস্কৰণ সেই সংস্কৰণত আমাৰ ভাষাৰ শব্দ হৈছে ১ লাখ ২৫ হাজাৰ৷ অর্থাৎ ১২৪ বা ১২৫ বছৰৰ ভিতৰত আমাৰ অসমীয়া শব্দ অভিধানত অন্তর্ভুক্ত হোৱাৰ সংখ্যা ১ লাখৰ অধিক হৈছে৷ অসম সাহিত্য সভাৰ অধিৱেশনত আমি অনুৰোধ কৰিছোঁ- আগন্তুক দিনত অন্ততঃ ২৫ লাখ অসমীয়া শব্দ অভিধানত অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা কৰক৷ গুৱাহাটীৰ পৰা ধুবুৰীলৈকে আমাৰ ভাষাটো কথিত বুলি অৱজ্ঞা কৰা হৈ আছে৷ বহু অসমীয়া শব্দ আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ কৰা নহয়৷ সেই শব্দসমূহ আমাৰ অভিধানত অন্তর্ভুক্ত নহ’ল৷ আমাৰ সংবাদ–পত্রৰ ইতিহাস প্রায় ১৮০ বছৰ বুলি ধৰা হয়৷ প্রথম অৰুনোদইখনৰ জন্ম হৈছিল শিৱসাগৰত৷ আজিৰ পৰা ১৮০ বছৰ পূর্বে যদি শিৱসাগৰত অৰুনোদইখন ছপা নকৰিলেহেঁতেন, যদি সেই অৰুনোদইখন বৰপেটা নতুবা ভৱানীপুৰত ছপা হ’লহেঁতেন তেনেহ’লে আমাৰ অঞ্চলৰ ভাষাটো নিশ্চিতভাৱে লিখিত ভাষা হ’লহেঁতেন৷ শিৱসাগৰ কিম্বা উজনিৰ ভাষাটো কথিত হ’লহেঁতেন৷ আমাৰ অঞ্চলৰ ভাষা বা আমাৰ অঞ্চলৰ জনগোষ্ঠীয় ভাষাসমূহ অভিধানত অন্তর্ভুক্ত হ’লহেঁতেন৷ আমাৰ ভাষাটোক গুৰুত্ব দিয়াৰ দায়িত্ব সকলোৰে আছে৷ আমি আমাৰ ভাষাটো পঢ়িব আৰু লিখিব লাগে৷ আমাৰ ভাষাটোৰ মেৰুদণ্ড ঠিক কৰি ৰাখিবলৈ পঢ়িব আৰু লিখিব লাগিব৷ নিজৰ নিজৰ শব্দৰে আমাৰ ভাষাটো চহকী কৰিব লাগিব৷ তেতিয়াহে গুৰুজনাই যি সাহিত্য–সংস্কৃতিৰ জৰিয়তে আমাৰ জাতিটোক মহীয়ান কৰি থৈ গৈছে, আমিও আমাৰ নিজৰ নিজৰ ক্ষেত্রসমূহত ভাষাটোক মহীয়ান কৰিব পাৰিম৷ তেওঁ সকলো সত্রকে একত্রিত হোৱাৰ আহ্বান জনায়৷’ সভাত ভাষণ দিয়ে সদৌ অসম সত্র মহাসভাৰ প্রধান সম্পাদক প্রান্তিক গোস্বামী, সাংবাদিক অৱন কুমাৰ দত্ত, শৰৎ বৰকটকী, সত্য নাৰায়ণ কলিতা, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, বাক্সা জিলা সত্র মহাসভাৰ সভাপতি দেৱেন্দ্র বিজয় দাস, উদযাপন সমিতিৰ সভাপতি মনোৰঞ্জন তালুকদাৰে৷ সভাত ‘নিউজ লাইভ’ৰ সাংবাদিক অৱন কুমাৰ দত্ত আৰু বাক্সা জিলা সত্র মহাসভাৰ সম্পাদক দ্বিজেন কলিতাক চেলেং, মোমেণ্ট, মানপত্রৰে সম্বর্ধনা জনোৱা হয়৷ সভাৰ আৰম্ভণিতে শংকৰদেৱ শিশু নিকেতন, আনন্দ বজাৰৰ ছাত্র দর্দিদৃষ্টি তালুকদাৰে বৰগীত পৰিৱেশন কৰাৰ লগতে কেইবাগৰাকী ছাত্র–ছাত্রীয়ে গীত–নৃত্য পৰিৱেশন কৰে৷