নিয়মীয়া বার্তা, ২৯ এপ্ৰিলঃ চৰাইদেউ জিলাৰ পাটসাঁকো আখৈয়া গাঁৱৰ নিৱাসী পুষ্প বৰুৱা নামৰ এজন ব্যক্তি ক’ৰোনাত আক্রান্ত হোৱাৰ বাতৰি পোৱা গৈছে ৷ অ’এনজিচিৰ এগৰাকী আগশাৰীৰ ঠিকাদাৰ পুষ্প বৰুৱা (৬৫) বিগত তিনি মাহ ধৰি দিল্লীৰ এপল’ হাস্পতালত কর্কট ৰোগৰ চিকিৎসা গ্রহণ কৰি আছিল ৷ চিকিৎসালয়ত ভর্তি হোৱাৰ সময়ৰ পৰাই প্রতি ১৫ দিনৰ মূৰে মূৰে কেম’থেৰাপী গ্রহণ কৰি অহা পুষ্প বৰুৱাৰ বুধবাৰে দিনতো আছিল ৬নং কেম’থেৰাপী ৷ এনে সময়তে মঙলবাৰে লোকগৰাকী ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্য ছ’চিয়েল মিডিয়াযোগে পৰিয়ালৰ লোকে অৱগত কৰি স্বাস্থ্যমন্ত্রীৰ সহায় বিচাৰে ৷ লোকজনৰ সৈতে দিল্লীত তেওঁৰ পত্নী, জীয়ৰী আৰু জোঁৱায়েক আছে ৷ এনে অৱস্থাত পৰিয়ালৰ আন সদস্যসকলো ক’ৰোনাত আক্রান্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে এই মুহূর্তলৈকে পাটসাঁকোৰ পুষ্প বৰুৱা ক’ৰোনা ৰোগত আক্রান্ত হোৱাৰ তথ্য প্রকাশ কৰা নাই ৷