নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকশিত অসমৰ ভৱিষ্যৎ পৰিকল্পনাৰে জনমুখী বাজেট

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ বিকশিত অসমৰ এক ভৱিষ্যৎ পৰিকল্পনা হিচাপে সামগ্রিক বিকাশৰ বুনিয়াদ সবলীকৰণৰ লক্ষ্যৰে সদনত বিত্তমন্ত্রী অজন্তা নেওগে ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে ক’তো কোনোধৰণৰ কৰ আৰোপ নকৰাকৈ ১,৫৫,৪২৮.৭৫ কোটি টকাৰ বাজেট দাখিল কৰে৷ বাজেট ভাষণত সদনত বিত্তমন্ত্রী অজন্তা নেওগে কয় যে এইবছৰৰ বাজেট হৈছে অসমৰ স্বকীয় পৰিচয়, ঐতিহ্য আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰি উন্নয়নৰ বুনিয়াদ সবলীকৰণ, অধিক সংস্কাৰ আৰু সুযোগৰ সম্প্রসাৰণৰ দিশত এক নির্ণায়ক পদক্ষেপ৷ এই বাজেটে মূলতঃ আমাৰ বুনিয়াদী বিষয়বোৰৰ বিশেষকৈ অসমৰ চহকী সাংস্কৃতিক পৰিম্পৰাৰ সংৰক্ষণৰ বাবে থকা আমাৰ প্রতিশ্রুতি দোহাৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে বিশেষ ৰূপৰেখা প্রস্তুতৰ ক্ষেত্রত সতর্কতাৰে দিক্নির্ণয় কৰিব৷ একে সময়তে সমাজৰ সকলো শ্রেণীৰ সবলীকৰণ নিশ্চিত কৰা এক সর্বাংগীণ অর্থনৈতিক কার্যসূচী ই শক্তিশালী আৰু বিস্তৃত কৰিব৷ ছাত্রী আৰু উদ্যোগী মহিলাসকল আমাৰ ভৱিষ্যৎ পৰিকল্পনাৰ আধাৰ হৈ থাকিব৷ উন্নত শিক্ষা, দক্ষতা বিকাশ আৰু নিয়োগৰ সুবিধাৰ জৰিয়তে যুৱ সমাজ উপকৃত হোৱাৰ বিপৰীতে কৃষকসকল ধান, মাকৈ আৰু সৰিয়হৰ সমর্থন মূল্যৰ জৰিয়তে অধিক লাভৱান্বিত হ’ব৷ আমি চাহ জনগোষ্ঠীকে ধৰি পিছপৰা শ্রেণীৰ উত্তৰণৰ বাবেও দায়বদ্ধ৷ লগতে বিদ্যুৎ অধিক সুলভ কৰা আৰু ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কার্ডপ্রাপ্ত লোকৰ সংখ্যা বৃদ্ধিৰে সাধাৰণ লোকৰ জীৱন ধাৰণ সহজ কৰা হ’ব৷ সর্বোপৰি ই হৈছে জনমুখী কল্যাণকামী বাজেট৷ ভৱিষ্যৎ প্রজন্মৰ বাবে সম্পদ সুৰক্ষিত কৰিবলৈ শক্তিশালী বিত্তীয় দায়বদ্ধতা ৰক্ষা কৰিও প্রতিগৰাকী নাগৰিকক সুৰক্ষা আৰু ৰক্ষাকৱচ প্রদানৰ বাবে বাজেটখন প্রস্তুত কৰা হৈছে সচেতন পৰিকল্পনা আৰু দায়বদ্ধ দৃষ্টিভংগীৰে প্রতিটো টকা উৎপাদনশীল খণ্ড আৰু আন্তঃগাঁথনিত কৌশলী বিনিয়োগ কৰা হ’ব, যিয়ে অসমৰ বিনিয়োগ পৰিৱেশ, চাকৰি সৃষ্টি আৰু আভ্যন্তৰীণ সম্পদ সৃষ্টি অধিক সবল কৰিব৷ এই বাজেটৰ জৰিয়তে আমি গভীৰতৰ সংস্কাৰ, প্রগতিৰ সুদৃঢ়কৰণ আৰু ভাৰতৰ শীর্ষ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হোৱাৰ বাবে অসমৰ যাত্রা দ্রুত কৰাৰ পদক্ষেপ লৈছোঁ৷ বিকশিত অসম কেৱল এক ভৱিষ্যৎ পৰিকল্পনা হৈ থকা নাই, বিকশিত ভাৰতৰ গৌৰৱময় অৱদানকাৰী হিচাপে অসমৰ উত্থান নিশ্চিত কৰি ই হৈ পৰিছে এক নিকট বাস্তৱ৷ বাজেট প্রাক্কলন সম্পর্কত সদনত বিত্তমন্ত্রী নেওগে কয় যে ২০২৫–২৬ বর্ষৰ বাজেট প্রাক্কলনত ৰাজ্যখনৰ একত্রীকৃত নিধিত মুঠ ১,৫৫,৪২৮.৭৫ কোটি টকাৰ প্রাপ্তি প্রদর্শন কৰা হৈছে৷ ইয়াৰে ১,১৭,২২৫.৯৭ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ৩৮,২০২.৭৮ কোটি টকা মূলধন হিচাপত৷ ৰাজহুৱা শিতানত ১,০৫,৪৮৫. ১৭ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২,০০০ কোটি টকা যোগ হোৱাৰ পাছত সর্বমুঠ আদায়ৰ পৰিমাণ হ’ব ২,৬২,৯১৩.৯২ কোটি টকা৷ ইয়াৰ বিপৰীতে ২০২৫–২৬ বর্ষত ৰাজ্যখনৰ একত্রীকৃত নিধিৰ পৰা সর্বমুঠ ব্যয়ৰ পৰিমাণ ১,৫৫,৯৮৫.১৪ কোটি টকা বুলি অনুমান কৰা হৈছে৷ ইয়াৰে ৰাজহ শিতানত ১,১৭,২২৫.৯৬ কোটি টকা আৰু মূলধন শিতানত ৩৮,৭৫৯.১৮ কোটি টকা৷ ৰাজহুৱা শিতানত হোৱা ব্যয় ১,০২,৯৭৪.১০ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২,০০০ কোটি টকাৰ৷ বছৰটোৰ সর্বমুঠ প্রাক্কলিত ব্যয়ৰ পৰিমাণ হ’ব ২,৬০,৯৫৯.২৪ কোটি টকা৷ এনেদৰে বছৰটোত হোৱা প্রাক্কলিত লেনদেনৰ বাবদ আনুমানিক ১,৯৫৪.৬৮ কোটি টকা ৰাহি হ’ব৷ ইয়াৰ লগত বছৰটোৰ আৰম্ভণিৰ ঘাটি ২,৫৭৪.৯৫ কোটি টকাৰ হিচাপ মিলালে ২০২৫–২৬ বর্ষৰ শেষলৈ বাজেট দাখিল পৰিমাণ ৬২০.২৭ কোটি টকা হ’বগৈ৷ আনহাতে, চৰকাৰৰ কৰ আৰোপন আৰু ৰাজহ সংগ্রহৰ বিষয়ে উল্লেখ কৰি সদনত মন্ত্রী নেওগে কয় যে বিগত চাৰিটা বছৰত ৰাজ্যিক ৰাজহ সংগ্রহ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে৷ ৰাজ্যৰ নিজা ৰাজহ সংগ্রহৰ পৰিমাণ ২০২০–২১ বিত্তীয় বর্ষৰ ২০,০৩৩ কোটি টকাৰ পৰা ২০২৫ চনৰ ফেব্রুৱাৰী মাহলৈ ৩২,৮৮৬ কোটি টকালৈ বৃদ্ধি পাইছে৷ যিয়ে উল্লেখনীয় ৬৪.২ শতাংশ বৃদ্ধিৰ হাৰ প্রতিফলিত কৰিছে৷ বর্তমানৰ চৰকাৰখনে বিভিন্ন কৰ সংস্কাৰ গ্রহণ কৰাৰ বাবে আজি এনে অৱস্থাত উপনীত হৈছে যে অসমে নিজস্ব উৎসৰ জৰিয়তে দৰমহা দিব পৰা হৈছে৷ অসমৰ ক্ষেত্রত এইটো হৈছে অভূতপূর্ব আৰু ঐতিহাসিক বিষয়৷ বাণিজ্যিক কৰ সম্পর্কত মন্ত্রী নেওগে কয় যে ২০২৩–২৪ বিত্তীয় বর্ষত কৰ আৰোপণ বিভাগে ২২,৫৮০ কোটি টকা সফলতাৰে সংগ্রহ কৰি তাৰ আগৰ বছৰৰ তুলনাত উল্লেখনীয় ১৫ শতাংশ বৃদ্ধি সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ২০২৫ চনৰ ফেব্রুৱাৰীলৈ জিএছটি আৰু অনা জিএছটি উপাদানসহ ৰাজহ সংগ্রহ ৫ শতাংশ বৃদ্ধিৰে ২১,৫৭৮ কোটি টকা হৈছে৷ বিৱর্তিত কৰ আৰোপণ পৰিদৃশ্যক স্বীকৃতি প্রদান কৰি চৰকাৰে কৰ বিষয়াসকলৰ দক্ষতা বৃদ্ধিৰ লগতে কৰ প্রশাসনৰ পাৰদর্শিতা বৃদ্ধিৰ বাবে তথ্য প্রযুক্তি আহিলাৰ ব্যৱহাৰৰ বাবে নিৰন্তৰ বিনিয়োগ কৰি আহিছে৷ ৰাজ্যৰ চাহ উদ্যোগে সন্মুখীন হোৱা প্রত্যাহ্বানসমূহৰ পৰিপ্রেক্ষিতত অসম কৰ আৰোপণ (নির্দিষ্ট ভূমিত) আইন ১৯৯০ৰ অধীনত সেউজীয়া চাহপাতৰ ওপৰত কৰ ৰেহাইৰ ব্যৱস্থা ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ আৰু দুবছৰলৈ বৃদ্ধি কৰা হৈছে৷ সেইদৰে পৰিশ্রমী মধ্যবিত্ত পৰিয়াললৈ সকাহ দিয়াৰ উদ্দেশ্যে অসম বৃত্তি, বাণিজ্য, জীৱিকা আৰু নিয়োগ কৰাৰোপণ আইন ১৯৪৭ৰ অধীনত মাহিলি ১৫ হাজাৰ টকালৈ উপার্জন কৰা ব্যক্তিসকলৰ বৃত্তিগত কৰ ৰেহাই দিয়া হৈছে৷ ইয়াৰ দ্বাৰা ১.৪৩ লাখ কৰদাতা/পৰিয়াল উপকৃত হ’ব আৰু তেওঁলোকৰ কৰ ক্ষমতা বৃদ্ধি পাব৷ কাঁহ–পিতল শিল্পৰ সৈতে জড়িত ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাৰ বাবে এছজিএছটি ওভতাই দিয়াৰ ঘোষণা কৰি মন্ত্রী নেওগে কয় যে এই সম্পর্কত বিস্তৃত জাননী অহা মে’ মাহৰ ভিতৰত জাৰি কৰা হ’ব৷ আবকাৰী বিভাগ সম্পর্কত মন্ত্রী নেওগে কয় যে বর্তমান দেশত নির্মিত বিদেশী সুৰাৰ দোকানত দেশীয় সুৰাৰ বিক্রীৰো অনুমতি প্রদান কৰা হৈছে৷ এতিয়া দেশীয় সুৰাৰ দোকানতো উপযুক্ত অনুজ্ঞাপত্রৰ জৰিয়তে বিদেশী সুৰা বিক্রীৰ অনুমতি প্রদান কৰা হ’ব৷ খনি আৰু খনিজ বিভাগ সম্পর্কত মন্ত্রী নেওগে কয় যে ডিমা হাছাওত ৫ শতাংশ প্রিমিয়ামত চাৰিটা চূণশিলৰ ব্লক নিলাম কৰা হৈছিল৷ যাৰ ফলত মুঠ ১,৯৭৬ কোটি টকা উপার্জন হৈছিল আৰু অহা ৫০ বছৰত ৰাজ্যখনৰ বাবে আনুমানিক ২৮,৩১৫ কোটি টকাৰ ৰাজহ লাভ কৰিব পৰা যাব৷ দ্বিতীয় পর্যায়ত ১,১৬২ কোটি টকাৰ অতিৰিক্ত তিনিটা এনে ব্লকৰ নিলাম হ’ব৷ যিহেতু মূল্য বৃদ্ধি পাই আছে সেয়ে ৰাজহৰ সম্ভাৱনা অধিক বৃদ্ধি পাব৷ সেইদৰে কার্বি আংলঙত থকা চিলিমেনাইট ভাণ্ডাৰ (০.৮০ মিলিয়ন টন) ৫০ বছৰৰ বাবে লীজত দিয়া হৈছে৷ যাৰ ফলত বছৰি ৯.৬০ লাখ টকা উপার্জন হয়৷ ইয়াৰ উপৰি ছটা গ্রেনাইট ব্লক আৰু দুটা চীনা মাটিৰ ব্লকৰ নিলামৰ দ্বাৰা ৰাজ্যৰ ৰাজকোষলৈ অধিক ৰাজহৰ বৰঙণি আগবঢ়োৱাৰ সম্ভাৱনা আছে৷ তদুপৰি বেদান্ত আৰু অইল ইণ্ডিয়া লিমিটেডে অ’এএলপি ব্লকত কৰা খননে ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে৷ ৰেয়াৰ আর্থ এলিমেণ্টছ আৰু লিথিয়ামৰ ক্ষেত্রতো অসমৰ যথেষ্ট সম্ভাৱনা আছে৷ এইক্ষেত্রত কার্বি আংলং, মৰিগাঁও, কামৰূপ আৰু কোকৰাঝাৰ জিলাত ইয়াৰ অন্বেষণৰ কাম চলি আছে৷ ২০২৪–২৫ বিত্তীয় বর্ষত ভাৰত চৰকাৰৰ কয়লা মন্ত্রালয়ৰ অধীনৰ মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট লিমিটেডে চৰাইদেউ জিলাৰ বিমলাপুৰ এলেকাত কয়লা অন্বেষণৰ কাৰিকৰী অনুমোদন প্রদান কৰিছে৷ এই অন্বেষণৰ কাম ২০২৫–২৬ বিত্ত বর্ষত কৰা হ’ব৷ পৰিবহণ বিভাগ সম্পর্কত মন্ত্রী নেওগে কয় যে ২০২৪ চনত অসম যান–বাহন কৰ আইন, ১৯৩৬ৰ সংশোধনীৰ জৰিয়তে কৰ কাঠামো সহজ, যুক্তিসংগত আৰু জনসাধাৰণৰ অনুকূল কৰি তোলাৰ লক্ষ্যৰে পুনৰ গঠন কৰা হয়৷ ই–ৰিক্সা/ই–কার্টকে ধৰি তিনিচকীয়া বাহন আৰু নির্দিষ্ট ক্ষুদ্র বাণিজ্যিক বস্তু–বাহানী কঢ়িওৱা/যাত্রীবাহী যান–বাহনসমূহ এককালীন কৰ ব্যৱস্থাৰ অধীনলৈ অনা হৈছে যাতে এই শ্রেণীৰ যান–বাহনসমূহে বাৰে বাৰে কৰ পৰিশোধ কৰাৰ পৰা পৰিত্রাণ পায়৷ চলিত বর্ষত বান–বাহনৰ ফিটনেছ আৰু ড্রাইভিং লাইচেঞ্চ পৰীক্ষাৰ লগত জড়িত প্রক্রিয়াসমূহৰ স্বয়ংক্রিয়কৰণৰ দ্বাৰা মেনুৱেল হস্তক্ষেপৰ অন্ত পেলোৱা হ’ব৷ আনহাতে ভূমি ৰাজহ ব্যৱস্থা অধিক আধুনিক আৰু সকলোৰে বাবে সহজতে উপলব্ধ কৰাৰ বাবে ‘এক দেশ এক ছফ্টৱেৰ’ পদক্ষেপৰ অধীনত নেচনেল জেনেৰিক ডকুমেণ্ট ৰেজিষ্ট্রেচন ছিষ্টেম গ্রহণেৰে পৰিৱর্তনৰ দিশত অসম চৰকাৰ আগবাঢ়িছে৷ সংশোধিত জৰিমনা প্রযোজ্য হোৱাৰ পূর্বে এবছৰীয়া নিষ্পত্তি ব্যৱস্থাৰ বাবে তথা ভূমিৰ নির্ভূল মূল্যায়নৰ বাবে জি’ স্পার্টিয়েল সঁজুলিৰ ব্যৱহাৰ আৰু সুৰক্ষিত তথা দ্রুত আদান–প্রদানৰ বাবে এনজিডিআৰএছত ব্লক চেইন ৰূপায়ণৰ বাবে পৰিকল্পনা হাতত লৈছে৷ সেইদৰে পৰিৱেশ আৰু বন বিভাগ সম্পর্কত মন্ত্রী নেওগে কয় যে ২০২২–২৩ বিত্তীয় বর্ষৰ বিভাগটোৰ বৰঙণি ৪৫২ কোটি টকাৰ পৰা ২০২৩–২৪ বিত্তীয় বর্ষত ৫৬৫ কোটি টকালৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু ২০২৫ বর্ষৰ ফেব্রুৱাৰী মাহলৈকে বিভাগটোৱে ৪১৬ কোটি টকা সংগ্রহ কৰিছে৷ কৰাৰোপণ আৰু ৰয়েল্টী সংগ্রহৰ উপৰি চৰকাৰে পৰিৱেশানুকূল পর্যটন তথা সাংস্কৃতিক ঐতিহ্য প্রকল্পত বিনিয়োগ কৰি আছে আৰু ই দীর্ঘম্যাদী ৰাজহ সৃষ্টিকাৰী হিচাপে কাম কৰাৰ লগতে পৰিৱেশজনিত সংৰক্ষণত প্রসাৰ কৰিব৷ ভাষণত বিত্তমন্ত্রী নেওগে আগবঢ়োৱা প্রধান ঘোষণাসমূহ হৈছে– চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টীসকলক পদোন্নতিৰ ক্ষেত্রত ৰাষ্ট্রীয় চিকিৎসা আয়োগৰ চর্তপূৰণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা আঁচনিত সামৰি ল’ব৷ সেই অনুসৰি বছৰি দুখন ৰাষ্ট্রীয় সন্মিলন, এছিয়াৰ দেশসমূহৰ বাবে প্রতি দুবছৰত আৰু এছিয়াৰ বাহিৰৰ দেশসমূহৰ বাবে প্রতি চাৰি বছৰত এখন আন্তঃৰাষ্ট্রীয় সন্মিলনৰ পৃষ্ঠপোষকতা কৰিব৷ চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত ফেকাল্টীসকলক গাড়ী ক্রয়ৰ বাবে চৰকাৰে সুতবিহীন ঋণ প্রদানৰ লগতে অচিৰেই অতিৰিক্তভাৱে এখন সহজ গৃহ ঋণ আঁচনি আৰম্ভ কৰিব৷ কর্কট ৰোগী বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কর্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কর্কট প্রতিষ্ঠান গুৱাহাটীত এটা প্রটন থেৰাপী কেন্দ্র স্থাপন কৰা হ’ব৷ এই যন্ত্রটোৰ মূল্য হৈছে প্রায় ৫৫০ কোটি টকা৷ এই প্রকল্পৰ বাবে চৰকাৰে চিএছআৰ পুঁজিও ব্যৱহাৰ কৰিব৷ লাহোৱালত থকা ডিব্রুগড় পলিটেকনিকক এখন পূর্ণাংগ অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰা হ’ব৷ চাহ বাগিচা অঞ্চলৰ ২১৮খন আদর্শ বিদ্যালয়ৰ ১১৬খন ইতিমধ্যে কার্যক্ষম হৈছে৷ এই বছৰটোত আৰু ৯৭খন আদর্শ বিদ্যালয় মুকলি কৰা হ’ব৷ ২৫খন বড়ো মাধ্যমৰ বিদ্যালয়কো আদর্শ বিদ্যালয়লৈ উন্নীত কৰা হ’ব৷ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০ হাজাৰ টকালৈ বৃদ্ধি হ’ব আৰু তেওঁলোকৰ সেৱা ৬০ বছৰলৈ সম্প্রসাৰিত হ’ব৷ কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাও জিলাক নির্মল শক্তি আৰু পৰিৱেশ পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলা হ’ব৷ এক অর্থনৈতিক পদ হিচাপে বড়োলেণ্ড ক্ষেত্রীয় অঞ্চল পৰিগণিত হোৱাৰ উল্লেখ কৰি মন্ত্রী নেওগে কয় যে ভূটান, বড়োলেণ্ড আৰু বংগ উপকূলৰ বিকাশৰ পদক্ষেপে যোগীঘোপা আৰু ফুলবাৰীৰ সৈতে সুচল যোগাযোগ স্থাপন কৰিব৷ ইয়াৰ দ্বাৰা সীমান্তৰ দুয়োপাৰৰ মাজৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে অঞ্চলটোত আর্থিক কার্যকলাপক উৎসাহ যোগাই পাৰদর্শী বাণিজ্য আৰু পৰিবহণ ব্যৱস্থা সহজলভ্য কৰি তুলিব পৰা যাব৷ যোগীঘোপাত এটা অর্থনৈতিক মণ্ডল গঢ়ি তোলাত অগ্রাধিকাৰ প্রদান কৰিছে৷ বড়োলেণ্ড ক্ষেত্রীয় পৰিষদৰ বাবে ১,১৪৩ কোটি টকা আগবঢ়োৱা হ’ব৷ কার্বি আংলং স্বায়ত্ত পৰিষদৰ বাবে ৬২১ কোটি টকা আৰু উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ বাবে ৩০৬ কোটি টকা আগবঢ়োৱা হ’ব৷ চৰকাৰে নতুনকৈ গঠন কৰা ষ্টার্ট আপ, ইনকিউৰেচন আৰু উদ্ভাৱন বিভাগৰ বাবে ৬০ কোটি টকা আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বাবে ১০০ কোটি টকা ধার্য কৰা হৈছে৷ লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ পৰা লোকনির্মাণ (স্বাস্থ্য আৰু শিক্ষা) নামেৰে নতুন বিভাগ এটা গঠন কৰা হ’ব আৰু এই বিভাগৰ সংমণ্ডল স্তৰলৈ হ’ব৷ চলিত বর্ষৰ অক্টোবৰৰ ভিতৰত গুৱাহাটী, বোকাখাত আৰু ডিব্রুগড়ত তিনিখন পোহনীয়া জীৱৰ হাস্পতাল কর্মক্ষম হৈ উঠিব৷ বিগত সময়ছোৱাত বড়োলেণ্ড ক্ষেত্রীয় পৰিষদত হোৱা জনগোষ্ঠীয় সংঘর্ষত এতিয়ালৈ চৰকাৰী সাহায্য লাভ নকৰাসকলক সাহায্য প্রদানৰ বাবে বাজেটত ৩০ কোটি টকা ধার্য কৰে৷ ভাৰতৰ বিভিন্ন চহৰ বা বিদেশত মৃত্যু হোৱা অসমৰ ব্যক্তিৰ মৃতদেহ সন্মানসহকাৰে ৰাজ্যখনলৈ অনাৰ বাবে এটা উৎসর্গীকৃত ব্যৱস্থা গঢ়ি তোলা হ’ব৷ ইয়াৰ বাবে চৰকাৰে মৃতকৰ শৰীৰ পৰিবহণৰ সমুদায় ব্যয় বহন কৰিব৷ সেইদৰে গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰা লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ এখন জল মেট্র’ চলোৱাৰ বিষয়ে চিন্তা কৰাৰ উল্লেখ কৰি সদনত মন্ত্রী নেওগে কয় যে যাতে বিমানবন্দৰৰ যাত্রীসকলে ফাঁচী বজাৰৰ আইডব্লিউটি জেটীত চেক ইন কৰি নতুন টার্মিনেলত উপস্থিত হ’ব পাৰে৷ একেদৰে অধিক যাত্রী কঢ়িয়াই নিব পৰাকৈ এৰিয়েল ট্রামৱেছ বা কেবল কাৰ নামৰ গধুৰ কেলিবাৰেৰে ডিজাইন কৰা ৰোপ ৱে’ৰে যাত্রীসকলক বিমানবন্দৰ আৰু খানাপাৰাৰলৈ অনা–নিয়াৰ ক্ষেত্রত চিন্তা–চর্চা কৰা হ’ব৷ ইপিনে এইবাৰৰ বাজেটত লাখপতি বাইদেউ পুঁজি ঘোষণা কৰা হৈছে৷ প্রতিশ্রুতিসম্পন্ন মহিলা নেতৃত্বাধীন ষ্টার্ট আপক উৎসাহিত কৰাৰ বাবে প্রায় ২৫০ কোটি টকাৰে লাখপতি বাইদেউ পুঁজি গঠনৰ আকাংক্ষা পোষণ কৰা হৈছে৷ এই পুঁজি সুতবিহীন ঋণ প্রদান, সুত ৰেহাই আৰু মহিলাসকলক সবলীকৰণৰ পৰা উদ্যমিতালৈ ৰূপান্তৰৰ ক্ষেত্রত পথ প্রদর্শন কৰাত ব্যৱহাৰ কৰিব৷

You might also like