নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ মঙলবাৰে পুনৰ গোৱালপাৰাৰ এগৰাকী লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱাৰ পাচতেই অসমত ৩৭ লৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা । নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল শেহতীয়াকৈ গোৱালপাৰাত আক্ৰান্ত লোকজন । ইতিমধ্যে অসমত মুঠ ২৭ গৰাকী লোকক মুকলি কৰি দিয়া হৈছে । বৰ্তমান অসমত মুঠ ৯ গৰাকী সক্ৰিয় ক’ভিড-১৯ আক্ৰান্ত আছে ।