নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰত ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী জোৱানৰ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : শিলচৰ আৱৰ্ত ভৱনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অসম আৰক্ষীৰ এজন জোৱানে নিজৰ চাৰ্ভিচ ৰাইফলেৰে মূৰত গুলীচালনা কৰি আত্মহত্যা কৰে। মৃত জোৱানৰ নাম ঈশ্বৰ সিনহা। আজি দুপৰীয়া এই ভয়ংকৰ কাণ্ড সংঘটিত হয়। শিলচৰ আৱৰ্ত ভৱনৰ নিৰাপত্তাৰক্ষীৰ কোৱাৰ্টাৰত অসম আৰক্ষীৰ জোৱান ঈশ্বৰ সিনহাই নিজৰ চাৰ্ভিচ বন্দুকেৰে গুলীচালনা কৰি আত্মহত্যা কৰে। জোৱানজন আৱৰ্ত ভৱনত কৰ্তব্যৰত আছিল বুলি জনা যায়। ঘটনাৰ খবৰ পোৱাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰে। কিহৰ বাবে জোৱানজনে আত্মহত্যা কৰিছে সেয়া পোহৰলৈ অহা নাই। জোৱানৰ এনেদৰে আত্মহত্যাৰ ঘটনাই শিলচৰৰ আৰক্ষী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like