নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বিদ্যালয়ৰ শিশু শিক্ষাৰ্থীক চুৱেটাৰ বিতৰণ

🔹 গুণোৎসৱৰ দায়িত্ব লাভ কৰা এগৰাকী অধ্যাপকৰ প্ৰশংসনীয় পদক্ষেপ 
বিশেষ বাৰ্তা, ২৪ জানুৱাৰী : নগাঁও জিলাৰ  কলিয়াবৰৰ এক ভিতৰুৱা অঞ্চল কাহনবস্তি। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এই অঞ্চল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। উচ্চ শিক্ষাৰ বাবে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন স্থানলৈ যাব লগা হয়। এই অঞ্চলত আছে কাহনবস্তি  প্ৰাথমিক বিদ্যালয়। ৰাইজে দান-বৰঙণিৰে নিৰ্মাণ কৰা এইখন বিদ্যালয় আজিও চৰকাৰীকৰণ হোৱা নাই। অৱশ্যে চৰকাৰীকৰণ কৰাৰ প্ৰক্ৰিয়া  চলি আছে। বিদ্যালয়খনত প্ৰায় ৪০গৰাকী শিক্ষাৰ্থী আছে। পিছপৰা আৰু আৰ্থিকভাৱে দুৰ্বল অঞ্চলটোৰ ৰাইজে বিদ্যালয়খনৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে। অৱশ্যে বিদ্যালয়খনৰ আন্ত:গাঁথনি আশাপ্ৰদ নহয়। বিদ্যালয়খনৰ দুটামান শ্ৰেণীতহে ডেস্ক-বেঞ্চ আছে। আন শ্ৰেণীকেইটাত ডেস্ক-বেঞ্চ নথকাত এই শ্ৰেণীকেইটাৰ শিশু শিক্ষাৰ্থীসকলে মজিয়াত কঠত বহি শিক্ষাগ্ৰহণ কৰিব লগা হয়। এতিয়া শীতৰ বতৰ।  শীতৰ বতৰত মজিয়াত বহি অধ্যয়ন কৰিবলৈ কষ্ট হয়। শেহতীয়াভাৱে হোৱা গুণোৎসৱৰ আওতাত পৰা এই বিদ্যালয়খনত গুণোৎসৱৰ দায়িত্ব লাভ কৰে এগৰাকী সহযোগী অধ্যাপকে। তেওঁ হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ  ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক  ড০ অংকুৰ বণিয়া। গুণোৎসৱৰ দায়িত্ব পালন কৰাৰ সময়ত শিশু শিক্ষাৰ্থীসকলে কষ্টৰে অধ্যয়ন কৰা প্ৰত্যক্ষ কৰি ব্যথিত হৈ পৰে অধ্যাপকগৰাকী। সেয়ে তেওঁ বিদ্যালয়খনৰ এই ৪০গৰাকী  শিক্ষাৰ্থীক নিজা খৰচত একোটাকৈ চুৱেটাৰ প্ৰদান কৰে, যাতে শিক্ষাৰ্থীসকলে শীত অনুভৱ কৰিবলগীয়া নহয়। শিশু শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ বাবে ড০ বণিয়াৰ এই পদক্ষেপ সঁচাকৈয়ে শলাগিবলগীয়া। বিদ্যালয়খনত আছে মাত্ৰ এগৰাকী শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰীগৰাকীৰো পদ প্ৰাদেশিকীকৰণ হোৱা নাই। স্থানীয় ৰাইজে অঞ্চলটোত শিক্ষাৰ প্ৰসাৰৰ বাবে শীঘ্ৰে বিদ্যালয়খন চৰকাৰীকৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like