নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ বৰলাংফেৰত ৰেʼলৱে ঠিকাদাৰক হত্যা

🔹 ১৯ ডিচেম্বৰৰ নিশা অপহৰণ কৰিছিল দুষ্কৃতিকাৰীয়ে

🔹 ৬ অপহৰণকাৰীক আটক

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ বৰলাংফেৰ থানাৰ অন্তৰ্গত বৰলাংফেৰত ৰে’লৱে বিভাগৰ এজন ঠিকাদাৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।‌ আৰক্ষী সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি, ৰে’লৱে বিভাগৰ ঠিকাদাৰ ৰতন দত্ত যোৱা ১৯ ডিচেম্বৰৰ নিশা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল। ঠিকাদাৰগৰাকী নিৰুদ্দিষ্ট হোৱাৰ পিছত পৰিয়ালে বৰলাংফেৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ০৬/২০২৪ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে আৰক্ষীয়ে তদন্ত চলোৱাৰ সময়ত ঠিকাদাৰ ৰতন দত্তক অপহৰণ কৰা বুলি নিশ্চিত হয়। ইফালে, আৰক্ষীয়ে এই সন্দৰ্ভত ক্ষিপ্ৰতাৰে অভিযান চলাই উক্ত অপহৰণ কাণ্ডৰ লগত জড়িত উগ্ৰপন্থী সংগঠন ডি এন এল এৰ (DNLA) আত্মসমৰ্পণকাৰী সদস্য ছানাছিং আৰু আনলা (ANLA) সদস্যসহ মুঠ ৬জন অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে আৰক্ষীয়ে ৰতন দত্তৰ সন্ধানত বৰলাংফেৰ অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ অন্তত মঙলবাৰে দলদলি বনাঞ্চলৰ দুৰ্গম এলেকাৰ পৰা ঠিকাদাৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে, আৰক্ষীয়ে ব্যক্তিগত কাৰণত ঠিকাদাৰগৰাকীক অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like