🔹 দীৰ্ঘদিন ধৰি বিকল Sensor কেমেৰা
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ : কাজিৰঙাৰ বুঢ়াপাহাৰত তীব্ৰবেগী বাহনৰ খুন্দাত দুষ্প্ৰাপ্য Caped Langur অৰ্থাৎ টুপীমূৰীয়া বান্দৰৰ মৃত্যু হয় । এনিমেল কৰিড’ৰৰ ৰাজপথত অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে। পাছত নগাঁও জিলা পৰিবহণ বিভাগৰ ইন্টাৰচেপ্টৰ বাহন উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে কাজিৰঙাৰ ৰাজপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ সংস্থাপন কৰা Sensor কেমেৰাসমূহ দীৰ্ঘদিন ধৰি বিকল হৈ আছে। ফলত কাজিৰঙাৰ ৰাজপথত তীব্ৰবেগী বাহনৰ খুন্দাত বহু বন্যপ্ৰাণীৰ মৃত্যু হৈছে যদিও কাণসাৰ নাই বন বিভাগৰ।
প্ৰেৰক ৰঞ্জিত ৰজক