নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিঙিত ষ্টেথিছস্ক’প-দুহাতত কোৰ লৈ পথ মেৰামতিত জ্যেষ্ঠ চিকিৎসক

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : চিকিৎসকগৰাকীৰ নাম ডাঃ পুলক কুমাৰ ডেকা। প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ তেওঁ। সম্প্ৰতি নগৰবেৰা খণ্ড প্ৰাঃ স্বাস্থ্যকেন্দ্ৰত ভাৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া হিচাপে কৰ্মৰত | নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ প্ৰৱেশ পথটিৰ অৱস্থা তথৈবচ। দৈৰ্ঘ্য প্ৰায় তিনিশ মিটাৰ। পথছোৱা বছৰ বছৰ ধৰি অতিকে বিধ্বস্ত হৈয়েই আছে | পথটিৰ মেৰামতিৰ বাবে বিধায়ক, পঞ্চায়ত প্ৰতিনিধিক বহু আবেদন-নিবেদন কৰিও সুফল নাপাই অৱশেষত  হাতে-কামে লাগিল চিকিৎসকগৰাকী | দুহাতত কোৰ লৈ ঘামি-জামি অৱস্থা নাই, তৎসত্ত্বোও তেওঁ দৃঢ়প্ৰতিজ্ঞ। নিজা খৰচত তেওঁ কেইবাগাড়ীও বালি-মাটিও পেলায় পথছোৱাত আৰু নিজেই কোৰ লৈ লাগিল পথ মেৰামতিত | চিকিৎসকৰ এনে তৎপৰতা দেখি আশাকৰ্মী আৰু বাকী কৰ্মচাৰী সকলো হাতে-কামে লাগি যায়। চিকিৎসকৰ কোৰৰ ঘাপত উঠা মাটিৰ চপৰা কঢ়িয়ায় সকলোৱে | চিকিৎসকগৰাকীৰ এনে পৰিশ্ৰমী ৰূপ প্ৰত্যক্ষ কৰি সকলো উৎফুল্ল হৈ পৰে | আৰাম-বিলাসিতাৰ কথা পাহৰি চিকিৎসা সেৱাৰ মাজতেই জিৰণি পৰত এনে শাৰীৰিক শ্ৰমৰ নিদৰ্শন সচাঁকে শলাগিবলগীয়া।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like