নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : ঢকুৱাখনা-মাজুলী সংযোগী জালভাৰী সোমদীয়া লোকনিৰ্মাণ বিভাগৰ অতি ব্যস্ত পথত আজি পুৱাতে এখন তীব্ৰবেগী বাইকৰ খুন্দাত সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ কৰুণ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷ জানিব পৰা মতে, আজি পুৱা প্ৰায় ৬.৩০ বজাত সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বাঁহপৰা গাঁৱৰ অমূল্য দিহিঙীয়া আৰু পল্লৱী দিহিঙীয়াৰ পুত্ৰ জিতুল দিহিঙীয়া (১৩) নামৰ কিশোৰটিয়ে এখন বাইচাইকেলেৰে বাঁহপৰা গাঁৱৰ নামঘৰৰ সমীপতে পথটো অতিক্ৰম কৰাৰ সময়তে মাজুলীৰ ফালৰ পৰা আহি থকা এ এছ-২৯-৪৫৮৭ নম্বৰৰ বাইকখনে খুন্দিয়াই প্ৰায় ডেৰশ ফুট দূৰত্বলৈকে কিশোৰটিক বাইচাইকেলৰ সৈতে চোঁচৰাই নিয়াত কিশোৰটি গুৰুতৰভাৱে আহত হয় ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে সোণাৰি চাপৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ কিশোৰটিক ঢকুৱাখনাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে কিশোৰটিৰ মৃত ঘোষণা কৰে৷ পিছত আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে আহত বাইক চালকজনকো চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কিশোৰটিয়ে চলাই যোৱা বাইচাইকেলখন সম্পূৰ্ণ দুটুকুৰা কৰি বাইকখনে চেপি ধৰাৰ বাবেই কিশোৰটিৰ মৃত্যু হয় বুলিও জানিবলৈ দিয়ে প্ৰতক্ষ্যদৰ্শীয়ে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like