নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশী বছৰীয়া বৃদ্ধই ছবছৰীয়া কণমানিক নিৰ্যাতনৰ অভিযোগ

🔹 বৃদ্ধক ৰাইজে কৰিলে জবাবদিহি

নিয়মীয়া বাৰ্তা, ২৬ মে’ : এটি ছবছৰীয়া কণমানি শিশু অশীতিপৰ বৃদ্ধৰ কামনাৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে | অশীতিপৰ ককাৰ নাম দিগেন্দ্ৰ ৰাভা। ঘৰ মেঘালয়ৰ টুৰাৰ হাটোগাওঁ অঞ্চলত। হাজিৰা শ্ৰমিক হিচাপে ঘূৰি ফুৰে গাঁৱে গাঁৱে | শনিবাৰে আবেলি ককাৰ শনি লাগিল। বকোৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱলৈ গৈছিল ককা দিগেন্দ্ৰ ৰাভা। এটা পৰিয়ালত সোমাইছিল পানী বিচাৰি। তাতেই কৰিলে কুকীৰ্তি। এগৰাকী ছবছৰীয়া কণমানিক বৃদ্ধগৰাকীয়ে নিৰ্যাতন চলোৱা অৱস্থাত শিশুটিৰ মাতৃয়ে ধৰা পেলায় বুলি অভিযোগ উঠিছে। পাছলৈ কথাটো শিশুটিৰ মাতৃৰ মুখৰ পৰা ৰাষ্ট্ৰ হৈ পৰাত সকলোৱে জবাবদিহি কৰে বৃদ্ধগৰাকীক। বয়সৰ দিশে চাই কোনেও শাৰীৰিকভাৱে প্ৰহাৰ নকৰি বৃদ্ধগৰাকীৰ বিৰুদ্ধে আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত মন্দিৰা আৰক্ষীয়ে বৃদ্ধগৰাকীক আটক কৰাৰ উপৰি কন্যা শিশুটিক স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটীলৈ নিয়াৰ দিহা কৰে | ঘটনাটোক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে অঞ্চলজুৰি আৰু অভিযুক্ত বৃদ্ধৰ বিৰুদ্ধে শাস্তিৰ দাবী জনায় সকলোৱে | উল্লেখ্য যে বৃদ্ধগৰাকীয়ে ঘটনাৰ পৰত নিচাসক্ত অৱস্থাত থকা বুলিও জানিব পৰা গৈছে। অশীতিপৰ বৃদ্ধৰ এনে কাণ্ড পোহৰলৈ অহাত সকলোৱে ধিক্কাৰ দিছে | অভিযোগ সঁচা প্ৰমাণিত হ’লে আগলৈ বৃদ্ধগৰাকীৰ ক্ষেত্ৰত আইনে কেনে স্থিতি লয়, সেইটোহে লক্ষণীয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like