নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত আহত সহপাঠী

বাৰ্তা ব্যুৰ’, তেজপুৰ, ২৭ ছেপ্টেম্বৰঃ বিদ্যালয়ৰ ছাত্ৰৰ মাজত ইতিমধ্যেই ৰাজ্যত সংঘটিত হোৱা একাধিক আক্ৰমণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আজি তেজপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এজন ছাত্ৰই সহপাঠী এজনক শ্ৰেণীকোঠাৰ ভিতৰতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ অল চেইন্ট ডায়’চেছন স্কুলত আজি সংঘটিত হয় এই ঘটনাটো৷ বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক শ্ৰেণীকোঠাতে আক্ৰমণ কৰে সহপাঠী ছাত্ৰই৷ সামান্য কথাতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটাৰ সময়তে এজন ছাত্ৰই মুহুৰ্ততে তেওঁৰ পানী নিয়া ষ্টিলৰ বটলেৰে আনজন ছাত্ৰৰ মূৰত আঘাত কৰাত শ্ৰেণীকোঠাতে ঢলি পৰে আহত ছাত্ৰজন৷লগে লগে আহত ছাত্ৰজনৰ যথেষ্ট ৰক্তক্ষৰণ হয়৷এই ঘটনাৰ বিষয়ে বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক জনোৱাৰ পাছতে অভিভাৱক বিদ্যালয়ত উপস্হিত হৈ আহত ছাত্ৰজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্হা কৰে৷ উল্লেখযোগ্য যে,ছাত্ৰজনে মূৰৰ পিছফালে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে যদিও সম্প্ৰতি তেওঁ বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰে৷ আনহাতে,ভুক্তভোগী ছাত্ৰজনৰ অভিভাৱকে ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপাৰ কথা জানিবলৈ দিছে৷ উল্লেখযোগ্য যে,এই ঘটনাৰ পিছতে বিদ্যালয়খনত অনুৰূপ ঘটনা ইয়াৰ পূৰ্বেও আন ছাত্ৰৰ লগত সংঘটিত হোৱা বুলি একাধিক অভিযোগ উত্থাপিত হৈছে৷ একাংশ অভিভাৱকে এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে,আঘাতপ্ৰাপ্ত ছাত্ৰক দিবপৰাকৈ প্ৰাথমিক চিকিৎসাৰ সামগ্ৰীও বিদ্যালয়ত নাই৷ ইপিনে,বিদ্যালয়খনৰ অধ্যক্ষা গৰাকীয়ে কয় যে ঘটনাটো আজি ষষ্ঠ পিৰিয়ডত সংঘটিত হয়৷ বিদ্যালয় কৰ্তৃপক্ষই এনেবোৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি চকু ৰাখে বুলিও উল্লেখ কৰি অধ্যক্ষা গৰাকীয়ে পুনৰ কয় যে,ইয়াৰ মাজতে অতি কম সময়ৰ ভিতৰত এনে ঘটনা সংঘটিত হৈ যায়৷ আহত ছাত্ৰজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা বুলিও দাবী কৰি তেওঁ ঘটনাটো সংঘটিত কৰা ছাত্ৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি সংবাদমাধ্যমৰ আগত আৰু কয় “এই বিষয়ে আমি চিন্তা কৰিম,আপোনালোকে চিন্তা কৰিব নালাগে৷”

প্ৰেৰক পুলক কুমাৰ ডেকা

You might also like