নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী পালেহি মুম্বাইৰ পৰা অনা বিশেষ বিমান

🔹 নলবাৰীৰ ঘাইপথত Wings Of Hazarika চাবলৈ ৰাইজৰ ভিৰ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : নলবাৰী পালেহি ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই ৰেষ্টুৰেণ্ট গঢ়ি তোলাৰ মানসেৰে মুম্বাইৰ পৰা ক্ৰয় কৰি অনা বিশেষ বিমানখন। নলবাৰী জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দেখা গ’ল এই বিশেষ বিমানখন। মুম্বাইৰ পৰা স্থলপথেৰে লৈ অহা বিমানখন চাবলৈ আজি জিলাখনৰ বিভিন্ন প্ৰান্তত (ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত) ৰাইজে ভিৰ কৰা পৰিলক্ষিত হ’ল৷ উল্লেখ্য যে শিৱসাগৰত উত্তৰ-পূবৰ প্ৰথমখন এৰ’প্লেন ৰেস্তোৰাঁ মুকলিৰ বাবে যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই ১১৮ ফুট দৈৰ্ঘ্যৰ ইণ্ডিয়ান এয়াৰলাইনছৰ বিমানখন [এয়াৰ-৩২০] নিলামত ক্ৰয় কৰিছিল । ১০০ ফুট দীঘল এখন ট্ৰেইলাৰেৰে বিমানখন মুম্বাইৰ পৰা শিৱসাগৰ অভিমুখে লৈ অনা হৈছে বিমানখন। আজি দিনৰ ভাগত নলবাৰীৰ ভূমিত বিমানখন কঢ়িয়াই অনা বাহনখন পদাৰ্পণ কৰাৰ পিছতেই বিভিন্নজনে ৰাষ্ট্ৰীয় ঘাইপথত ভিৰ কৰে বিমানখন চাবলৈ । আন একাংশই নিজৰ ম’বাইল ফোনেৰে লৈছে স্থিৰচিত্ৰ, আন একাংশই আকৌ ভিডিঅ’ কৰিবলৈ লগাইছে হেতা-ওপৰা৷ আকাশত উৰি থকা এৰোপ্লেন এনেদৰে দেখি কৌতূহলৰ সৃষ্টি হৈছে সকলোৰে মাজত । এয়াৰক্ৰাফ্‌ট ৰেস্তোৰাঁখনত প্ৰকৃত বিমানৰ আসনত বহাৰ দৰেই অভিজ্ঞতা লাভ কৰিব গ্ৰাহকে । অসমীয়া যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই নিজ গৃহভূমি শিৱসাগৰত গঢ়ি তুলিব এই বিশেষ ৰেস্তোৰাঁখন । শিৱসাগৰত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন এৰ’প্লেন ৰেষ্টুৰেণ্ট  স্থাপন কৰা হ’ব। মুম্বাইৰ পৰা অসমলৈ অনা সময়ত বিভিন্ন ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছে যদিও অতি কম সময়ৰ ভিতৰতেই শিৱসাগৰত উপস্থিত হ’ব বিমানখন। Wings Of Hazarikaৰ স্বত্বাধিকাৰী হৰিপ্ৰসন্ন হাজৰিকাই অতি কম দিনতেই শিৱসাগৰত স্থাপন কৰিব এই বিশেষ ৰেষ্টুৰেন্টখন ৷ 
প্ৰেৰক শৈলেন বৰ্মন 
You might also like