নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত কৰুণ মৃত্যু আইতা-নাতিনীৰ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ দেওবাৰে নিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কঁচুৱাৰ খাচ অঞ্চলত এখন তীব্ৰ বেগী মটৰ চাইকেলৰ খুন্দাত এগৰাকী মহিলাকে ধৰি এটি কণমানি শিশুৰ থিতাতে মৃত্যু হোৱাৰ এক ঘটনাক লৈ বৃহত্তৰ সেই অঞ্চলটোত শোঁকৰ বৰ্তমানে বিৰাজ কৰিছে শোকাকূল  পৰিৱেশ। ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে সন্ধিয়াৰ পিনে আদাবাৰীৰ বিশিষ্ট সমাজসেৱী আজগৰ আলীৰ পত্নী তথা ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত আদাবাৰী  জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্যা ছিদ্দিকা বেগম (৫০), তেওঁৰ নাতিনী মুচকান পাৰবিন (৩) আৰু আলীৰ ভগ্নী ছেলিমা বেগম (৪০) নামৰ আন এগৰাকী মহিলা খোজকাঢ়িব ওলাই আহিছিল। তিনিওকে  কঁচুৱাৰ খাস অঞ্চলৰ নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলং সংযোগী তথা নিৰ্মাণৰত  ১২৭ বি নং ৰাষ্ট্ৰীয় ঘাইপথত অকষ্মাতে তীব্ৰ বেগী মটৰচাইকেল এখনে খুন্দা মাৰে। দূৰ্ঘটনাটোত ছিদ্দিকা বেগম আৰু তেওঁৰ নাতিনী মুচকানৰ থিতাতে মৃত্যু ঘটে। আনহাতে, ছেলিমা বেগম নামৰ মহিলাগৰাকী গুৰুতৰভাবে আহত অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল (ডিএমচিএইচ)ত ভৰ্তি হ’বলগীয়া হয়। ইপিনে দূৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ চালক তথা ধুবুুৰী জিলাৰ গৌৰীপুৰৰ কাঠালেৰতলীৰ বাসিন্দা মেহবুব আলীও গুৰুতৰ আহত অৱস্থাত বৰ্তমানে ডিএমচিএইচত চিকিৎসাধীন অৱস্থাত আছে। উল্লেখ্য যে একাংশই দূৰ্ঘটনাটো সংঘটিত কৰা সেই মটৰ চাইকেলখনত মুঠ চালকে ধৰি মুঠ তিনিগৰাকী আৰোহী থকা বুলিও দাবী কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like