নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : জোনাইৰ মিগম দলুঙৰ নিবাসী তথা ব্যৱসায়ী য়ুচুপ মনচুৰী নামৰ ব্যক্তিজনৰ বাসগৃহৰ গাতে লাগি থকা কম্বলৰ গুদামত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত নিমিষতে কম্বলৰ গুদামটো সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হৈ যায়। এই অগ্নিকাণ্ডত প্ৰায় বাৰ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। ইফালে, জোনাই অগ্নিনিৰ্বাপক বাহিনী আৰু জোনাই আৰক্ষীৰ তৎপৰতাত কোনোমতে ব্যক্তিজনৰ বাসগৃহটো অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। অৱশ্যে জুইৰ সূত্ৰপাতৰ বিষয়ে সঠিকভাৱে জানিব পৰা হোৱা নাই।
প্ৰেৰক কৰবী দলে