নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : বিজনীৰ বিষপানীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত গৰু-ছাগলীৰ লগতে পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়। চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বিষপানীত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰে তিনিটা গৃহ ভস্মীভূত হয় । বিষপানীৰ সুমন্ত বৰ্মন নামৰ ব্যাক্তিজনৰ গৃহত চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । তিনিটা গৃহৰ উপৰি নথি-পত্ৰ ,গৰু-ছাগলীৰ লগতে পাঁচ লাখতকৈ অধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় । স্থানীয় ৰাইজ আৰু বিজনী অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।
প্ৰেৰক বৰ্ণালী তালুকদাৰ