নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইনথেম মুংগং গাঁৱত শনিবাৰে পুৱতি নিশা লাচেং গুদুং নামৰ ব্যক্তিজনৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বিশ লক্ষাধিক টকাৰ সা-সম্পত্তি, গুৰুত্বপূৰ্ণ নথি-পত্ৰ নিমিষতে জ্বলি ছাই হয়। শ্বৰ্ট চাৰ্কিটৰ লগতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত মাৰ্ঘেৰিটাৰ পৰা যোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও জুইৰ লেলিহান শিখাই নিমিষতে বাসগৃহটো ধ্বংসস্তূপত পৰিণত কৰে। স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়ালটোক চৰকাৰী ক্ষতিপূৰণ দিবলৈ চৰকাৰ-প্ৰশাসনক অনুৰোধ জনাইছে। সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক মানস প্ৰতিম গগৈ