নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগাং বৰকঠীয়াবাৰীত তিনিমহীয়া সন্তানৰ ৰহস্যজনক মৃত্যু

🔹 পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ আৰক্ষীৰ 
🔹 পিতৃ-মাতৃৰ পলায়ন
বিশেষ বার্তা, ১৭ ছেপ্টেম্বৰ : বিহালী বৰগাঙৰ নিকটৱৰ্তী বৰকঠীয়াবাৰী ৪ নং লাইনত কালি এটি তিনিমহীয়া সন্তান উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত বাতৰি মতে, সন্তানটিক পৰিত্যক্ত গাঁত এটাত পুতি ওপৰত জাবৰ-জোঁথৰ দি ঢাকি থোৱা অৱস্থাত গ্ৰাম থানত কাম কৰি থকা মিস্ত্ৰীৰ দৃষ্টিগোচৰ হয় আৰু স্থানীয় সচেতন ব্যক্তি শিক্ষক কমল প্ৰজাক অৱগত কৰাত ৰাইজ আৰু কমল প্ৰজাৰ তৎপৰতাত বৰগাং আৰক্ষীক জনোৱা হয় আৰু লগে লগে বৰগাং আৰক্ষীৰ উপৰি অতিৰিক্ত আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া আৰু ক্ৰাইম ব্ৰান্সৰ মানুহ আহি উপস্থিত হয়হি আৰু সন্তানটিক উদ্ধাৰ কৰি বৰগাং আৰক্ষী চকীলৈ আনে আৰু পিছত বিহালীলৈ লৈ যোৱা হয়। সন্তানটি পুত্ৰ সন্তান আছিল আৰু সন্তানটি বৰকঠীয়াবাৰী ৪নং লাইনৰ অশোক পৰজা আৰু মৰমী পৰজাৰ আৰু বয়স মাত্ৰ তিনিমাহ বুলি প্ৰতিবেশী ৰাইজে জানিবলৈ দিছে। ৰাইজে জানিবলৈ দিয়া মতে, কালি পুৱা ১০ মান বজাত পতি-পত্নীৰ মাজত দুৰ্বাদল কাজিয়া লাগে। পিছে সন্তানটিৰ কেনে পৰিস্থিতিত মৃত্যু হয়, সেয়া ৰহস্যজনক হৈ আছে। আনহাতে, সন্তানটিৰ মৃত্যু হোৱাৰ কথা কাকো অৱগত নকৰাকৈ পৰিত্যক্ত গাঁত এটাত পুতি থোৱাত ৰাইজৰ মনত বিভিন্ন ধৰণৰ সন্দেহ ঘনীভূত হৈছে। আজি আৰক্ষীয়ে সন্তানটিৰ দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা কৰোৱাই পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা কৰে। বৰ্তমান সন্তানটিৰ পিতৃ-মাতৃ পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে অনুসন্ধান চলাই আছে যদিও এই বাতৰি যুগুতাই থকালৈকে দুয়োৰে শুংসূত্ৰ পোৱা নাই। আৰক্ষীৰ তদন্তত সন্তানটিৰ কেনেদৰে মৃত্যু হ’ল, সমস্ত ঘটনা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like