নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত খালী হৈ আছে মুঠ ১,২৭১টা চিকিৎসকৰ পদঃ ৩ কোটি লোকৰ বিপৰীতে আই চি ইউ বিছনাৰ সংখ্যা ২,১২৩খন

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ মাজুলীৰ তেজস্বিতা বৰুৱা নামৰ এগৰাকী প্রতিভাৱান কিশোৰীয়ে চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল বুলি চর্চিত হোৱাৰ সময়তে উন্মোচিত হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উদ্বেগজনক ছবি৷ গাঁৱে–ভূঞে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি বৃদ্ধি কৰিবলৈ চৰকাৰে পদক্ষেপ গ্রহণ কৰাৰ সময়তে চিকিৎসকৰ বৃহৎসংখ্যক পদ এতিয়াও খালী হৈ থকাত সু–চিকিৎসাৰ বাবে সাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে৷ বিশেষকৈ দূৰণিবটীয়া আৰু ভিতৰুৱা অঞ্চলসমূহত চিকিৎসক পর্যাপ্ত পৰিমাণে নথকাৰ পৰিণতিত সাধাৰণ ৰাইজ প্রাথমিক চিকিৎসাৰ পৰাও বঞ্চিত হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷

প্রাপ্ত তথ্য অনুসৰি সম্প্রতি ৰাজ্যত অতিৰিক্ত স্বাস্থ্য সঞ্চালকসহ মুঠ ১,২৭১টা চিকিৎসকৰ পদ খালী হৈ আছে৷ সম্প্রতি ৰাজ্যত মুঠ চিকিৎসকৰ পদৰ সংখ্যা হৈছে ৪,৪৬১৷ ইয়াৰ বিপৰীতে সম্প্রতি কর্তব্যৰত হৈ আছে ৩,১৯০জন চিকিৎসক৷ অর্থাৎ খালী হৈ থকা পদৰ সংখ্যা ১,২৭১টা৷ খালী হৈ থকা পদসমূহৰ ভিতৰত অতিৰিক্ত স্বাস্থ্য সঞ্চালকৰ পদৰ সংখ্যা হৈছে চাৰিটা৷ সেইদৰে যুটীয়া অতিৰিক্ত স্বাস্থ্য সঞ্চালকৰ মুঠ পদৰ সংখ্যা ৪৩টা যদিও ইয়াৰে তিনিটা পদ খালী আছে৷ একে সময়তে মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া আৰু ইয়াৰ সমপর্যায়ৰ মুঠ পদৰ সংখ্যা হৈছে ১১৩টা৷ য’ত ৭৩জন চিকিৎসক কর্মৰত হৈ আছে৷ অর্থাৎ এই পদসমূহৰ ৩৯টা পদ এতিয়াও খালী হৈ আছে৷ সমান্তৰালভাৱে মহকুমা পর্যায়ত চিকিৎসা স্বাস্থ্য বিষয়া অথবা ইয়াৰ সমপর্যায়ৰ আবণ্টিত পদৰ সংখ্যা ১,০২৪টা৷ এই পদসমূহৰ বিপৰীতে ৭৩৩জন চিকিৎসক কর্মৰত হৈ থকাৰ লগতে ২৯১টা পদ এতিয়াও খালী হৈ আছে৷ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ অনুমোদিত পদৰ সংখ্যা ১,১৮৯টা যদিও ২৩৯টা পদেই সম্প্রতি খালী হৈ আছে৷ তদুপৰি চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ মুঠ পদৰ সংখ্যা ২,০৮৩টা৷ এই পদসমূহৰ ভিতৰতো নূ্যনতম ৬৯৯টা পদ খালী হৈ আছে৷ এনেদৰে বিভিন্ন পর্যায়ৰ চিকিৎসালয়ত চিকিৎসকৰ পদ খালী হৈ থকাৰ বাবে বহু সময়ত চিকিৎসা লাভৰ পৰা সাধাৰণ ৰাইজ বঞ্চিত হ’বলগীয়া হৈ আহিছে৷ আন বহু চিকিৎসালয়ত নিয়মীয়াকৈ চিকিৎসক উপস্থিত নথকাৰো অভিযোগ দীর্ঘদিনীয়া৷ কেৱল চিকিৎসকৰ অভাৱেই নহয়, ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ পর্যাপ্ত নহয় আই চি ইউ অথবা ভেণ্টিলেটৰৰ সা–সুবিধাৰ বিছনাৰ সংখ্যাও৷ শেহতীয়াকৈ অনুষ্ঠিত অসম বিধানসভাৰ অধিৱেশনৰ সময়ত বর্তমানৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা অনুসৰি ৰাজ্যৰ তিনি কোটি লোকৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন পর্যায়ৰ স্বাস্থ্য প্রতিষ্ঠানসমূহত থকা আই চি ইউ বিছনাৰ সংখ্যা ২,১২৩খন৷ একেদৰে মেডিকেল কলেজ আৰু হাস্পতাল, প্রাথমিক স্বাস্থ্যকেন্দ্র, জিলা চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়, সমূহীয়া স্বাস্থ্যকেন্দ্র আদিত থকা বর্তমান অক্সিজেনযুক্ত বিছনাৰ সংখ্যা ৯,৯৩০খন৷ ৰাজ্যৰ এই চিকিৎসালয়সমূহত ভেণ্টিলেটৰৰ সহায়ক বিছনাৰ সংখ্যা হৈছে ১,৫৫৬খন৷

স্বাস্থ্যমন্ত্রীগৰাকীয়ে সদৰী কৰা অনুসৰি বর্তমান ৰাজ্যৰ ২৩খন জিলা চিকিৎসালয়লতহে আই চি ইউ বিছনা উপলব্ধ৷ ইয়াৰ ভিতৰত তিনিখন জিলা চিকিৎসালয়ত আই চি ইউ বিছনাৰ কার্যক্ষম নহয় আৰু এখন জিলা চিকিৎসালয়ত আই চি ইউযুক্ত বিছনা নাই৷ সমান্তৰালভাৱে ৰাজ্যত থকা মুঠ ৭৬৮টা উপ–স্বাস্থ্যকেন্দ্রৰ নিজা চৰকাৰী ভৱন নাই৷ ইয়াৰে ৬৫৮টা উপ–স্বাস্থ্যকেন্দ্রই ভৱন ভাৰা কৰি সেৱা প্রদান কৰি আহিছে৷ বিধানসভাৰ মজিয়াত স্বাস্থ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি বজালী, বিশ্বনাথ, ডিমা হাছাও, তামুলপুৰ আৰু দক্ষিণ শালমাৰা–মানকাচৰ জিলাত আই চি ইউ বিছনা কার্যক্ষম হৈ থকা নাই৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই সোধা প্রশ্ণৰ উত্তৰত মহন্তই প্রকাশ কৰা মতে বর্তমানেও অসমত চিকিৎসক আৰু বিশেষজ্ঞ চিকিৎসকৰ যথেষ্ট অভাৱ৷ যাৰ বাবে আই পি এইচ এছ নিয়মাৱলী অনুসৰণ কৰাটো কঠিন৷ লক্ষণীয় যে ৰাষ্ট্রীয় স্বাস্থ্য নীতি–২০১৭ অনুসৰি এহেজাৰ জনসংখ্যাৰ বিপৰীতে দুখন বিছনা আৰু ভাৰতীয় ৰাজহুৱা স্বাস্থ্য মানক ২০২০ অনুসৰি এহেজাৰ জনসংখ্যাৰ বিপৰীতে এখন বিছনা থকাটো বাঞ্ছনীয়৷

উল্লেখ্য যে শেহতীয়াকৈ তিনি দিন পূর্বে মাজুলীৰ ১৪ বছৰীয়া তেজস্বিতা বৰুৱা নামৰ এগৰাকী কিশোৰীৰ গড়মূৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱাৰ পাছত বিভিন্ন অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ মাজুলীত এতিয়াও পর্যাপ্ত পৰিমাণে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি নথকাৰ লগতে চিকিৎসকৰ অভাৱৰ বাবে দীর্ঘদিন ইয়াৰ বাসিন্দাসকলে সমস্যাৰ সন্মুখীন হৈ অহা বুলি সংবাদ মাধ্যমযোগে অভিযোগ কৰিছে৷ চৰকাৰী তথ্য অনুসৰি বর্তমান মাজুলীত উপলব্ধ আই চি ইউযুক্ত বিছনাৰ সংখ্যা হৈছে মাত্র ৫খন৷ তদুপৰি অক্সিজেনযুক্ত বিছনাৰ সংখ্যা ২৫খন আৰু ভেণ্টিলেটৰ সহায়ক বিছনাৰ সংখ্যা মাত্র ৫খন৷ কেৱল মাজুলীয়েই নহয়, আন কেইবাখনো জিলাত আই চি ইউযুক্ত বিছনা, অক্সিজেনযুক্ত বিছনা আৰু ভেণ্টিলেটৰ সহায়ক বিছনাৰ সংখ্যা তেনেই নগণ্য৷ ফলত জৰুৰীকালীনভাৱে চিকিৎসা লাভ কৰিবলগীয়া গুৰুতৰ ৰোগীয়েও প্রকৃত চিকিৎসা লাভ নকৰাৰ বাবে মৃত্যুক সাবটিবলগীয়া হোৱাৰ বহু উদাহৰণ আছে৷ উল্লেখ্য যে চিকিৎসকৰ পদ খালী থকাৰ সমান্তৰালকৈ বহু চিকিৎসালয়ৰ আন্তঃগাঁথনি এতিয়াও অত্যন্ত দুর্বল৷ বিশেষকৈ গ্রামাঞ্চলসমূহত থকা প্রাথমিক স্বাস্থ্যকেন্দ্রসমূহৰ্ অৱস্থা অত্যন্ত শোচনীয়৷ এই প্রাথমিক স্বাস্থ্যকেন্দ্রসমূহত্ চিকিৎসক অথবা নার্ছ থকাৰ বাবে উপযুক্ত চৰকাৰী আৱাস নথকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বহু স্বাস্থ্যকেন্দ্রত চৰকাৰী আৱাস আছে যদিও মেৰামতিৰ অভাৱত জহি–খহি গৈ থকাৰ অনুপযোগী হৈ পৰিছে৷ এই দীর্ঘদিনীয়া সমস্যাসমূহ চৰকাৰে সমাধান কৰি স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ স্বাধীনতাৰ ৭৫ বছৰ সম্পূর্ণ কৰা উপলক্ষে দেশবাসীয়ে আজাদী কা অমৃত মহোৎসৱ উদ্যাপন কৰাৰ সময়তে স্বাস্থ্যখণ্ডৰ এই উদ্বেগজনক ছবিয়ে ৰাজ্যবাসীক উদ্বিগ্ণ কৰি তুলিছে৷

You might also like