নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকাৰ পতন অব্যাহত: প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮২.৩২ টকা

  • ডলাৰৰ বিপৰীতে সর্বকালৰ সর্বনিম্নৰ নতুন অভিলেখ
  • সপ্তাহটোতে টকা নিম্নগামী ১.২ শতাংশ

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ মার্কিন ডলাৰৰ বিপৰীতে টকাৰ পতন অব্যাহত আছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ফেডাৰেল ৰিজার্ভৰ হাৰ বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিততেই ভাৰতীয় মুদ্রাৰ মূল্য নিম্নগামী হৈ আছে৷ আজি প্রতি মার্কিন ডলাৰৰ বিপৰীতে সর্বকালৰ সর্বনিম্ন নতুন অভিলেখ গঢ়িছে টকাই৷ তথ্য মতে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ২.৩২ টকা৷ লক্ষণীয় যে ইয়াৰ পূর্বে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ সর্বকালৰ সর্বনিম্ন কেইবাটাও অভিলেখৰ পাছত আজি সর্বকালৰ সর্বনিম্ন নতুন অভিলেখ ৮২.৩২ টকা হয়৷ ইয়াৰ পূর্বে সর্বকালৰ সর্বনিম্ন অভিলেখ আছিল ৮১.৮৮ টকা৷ উল্লেখ্য যে আজি পুৱা বজাৰ আৰম্ভ হোৱাৰ লগে লগে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৮২.২০ টকাত আৰম্ভ হৈ ৮২.৩২ টকাত বজাৰ সামৰণি পৰে৷ বিগত মাহ ধৰি ডলাৰৰ বিপৰীতে টকাৰ মান নিম্নগামী হৈ আছে৷ চলিত সপ্তাহতে টকাৰ মান ডলাৰৰ বিপৰীতে ১.২ শতাংশ নিম্নগামী হৈছে৷ ২০১৩ চনৰ পাছত ডলাৰৰ বিপৰীতে টকাৰ মান সর্বাধিক নিম্নগামী হৈছে৷ চলিত বর্ষটোত এতিয়ালৈকে টকাৰ মান প্রায় ১১ শতাংশ নিম্নগামী হৈছে৷ তথ্য মতে বিগত মাহটোত ৩.৫ শতাংশ টকাৰ মান নিম্নগামী হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ফেডাৰেল ৰিজার্ভৰ হাৰ বৃদ্ধি হৈ থাকিলে ভাৰতীয় টকাৰ মান পৰৱর্তী সময়ছোৱাত আৰু অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ টকাৰ মান নিম্নগামী হোৱাটো প্রতিৰোধ কৰিবলৈ ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই পদক্ষেপ গ্রহণ কৰিব লাগিব৷

You might also like