নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত জৰাজীৰ্ণ দলঙৰ পৰা নদীত পৰিল ট্ৰাক

🔹 নামতোলাত অসম-নাগালেণ্ডৰ মাজত যাতায়াত স্তব্ধ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তত এক অঘটন সংঘটিত হয় । সীমান্তৰ নামতোলাস্থিত অসম-নাগালেণ্ড সংযোগী দলঙৰ পৰা নদীত পৰিল ট্ৰাক । AP-02 TE-4623 নম্বৰৰ বাহনখন সীমান্তৰ ৰাবাৰ নদীৰ ওপৰত থকা জৰাজীৰ্ণ দলঙৰ পৰা নদীত পৰে আজি পুৱা। নাগালেণ্ডৰ টিজিতস্থিত গ্ৰীন প্লাই ফেক্টৰীলৈ যাওঁতে ঘটে এই অঘটনটো। দলংখন ভাগি পৰাত এতিয়া ব্যাহত হৈ পৰিছে দুয়োখন ৰাজ্যৰ মাজত যাতায়াত। মন কৰিবলগীয়া যে এই দলংখন সোণাৰিৰ পৰা অসম-নাগালেণ্ডৰ যোগাযোগৰ অন্যতম মাধ্যম। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে দলংখন সীমান্তৱৰ্তী এলেকাত থকাৰ বাবেই কোনো এখন ৰাজ্যৰ প্ৰশাসনে পুনৰ নিৰ্মাণ নকৰাত দিনকদিনে জৰাজীৰ্ণ হৈ পৰাৰ লগতে পূৰ্বেও বহুবাৰ দুৰ্ঘটনা সংঘটিত হৈছে।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like