নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰীয়া শিশুৰ মৃত্যুক লৈ নগৰবেৰাৰ ভখুৰাদিয়াত চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ এটি দুবছৰীয়া কণমানি শিশুৰ ৰহস্যজনক মৃত্যক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে নগৰবেৰাৰ ভখুৰাদিয়াত। কোনোৱে খাদ্যত বিহ মিহলাই শিশুটিক পৰিকল্পিতভাৱে হত্যা কৰিব পাৰে বুলিও একাংশৰ অভিযোগ। বুধবাৰৰ সন্ধিয়া পৰত আকস্মিকভাৱে শিশুটিৰ মৃত্যু ঘটে। জানিব পৰা মতে মৃত শিশুটি গাঁওখনৰ ইয়াকুব আলী নামৰ এজনৰ পুত্ৰ মিনাৰুল হক (২)। অতি সংকটজনক অৱস্থাত শিশুটিক স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যেই মৃত্যু ঘটা বুলি আৰু খাদ্যত বিষক্ৰিয়াৰ বাবেই শিশুটিৰ মৃত্যু ঘটিব পাৰে বুলিও চিকিৎসকে হেনো অনুমান কৰে। প্ৰশ্ন হয় শিশুটিৰ বয়স মাত্ৰ দুবছৰ। তেনেস্থলত দেৱশিশুটিয়ে কি এনে মুখত দিলে, যাৰ ফলত মুহূৰ্ত্ততে উৰি গ’ল প্ৰাণবায়ু! দুই একে ডাঙৰে ভাতৰ লগত বিহ মিহলাই শিশুটিক খুৱাই দিয়াৰো অভিযোগ উত্থাপন কৰে যদিও তাৰো একো প্ৰমাণ নাই কাৰো হাতত। তেনেস্থলত কোনে কৰিব পাৰে এনে দুস্কাৰ্য! অভিযোগৰ দৰেই যদি সচাঁ প্ৰমাণিত হয় কোনোবাই শিশুটিক কিবা খুৱাই হত্যা কৰাটো, তেন্তে কি হ’ব পাৰে এই হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য? ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ থানালৈ নি মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে। মৰণোত্তৰ পৰীক্ষাৰ ফলাফলতহে ওলাব শিশুটিৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like