নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এহাল কপৌৰ বাবে ভেলাঘৰ জ্বলোৱাৰ পৰা বিৰত থাকিল এখন গাঁৱৰ ৰাইজ

🔹 বন্যপ্ৰাণীপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দৰং জিলাৰ নিৰণচুবা গাঁওবাসীৰ

বিশেষ বাৰ্তা, ২০ জানুৱাৰী : এহাল কপৌৰ বাবে ভেলাঘৰ জ্বলোৱাৰ পৰা বিৰত থাকিল এখন গাঁৱৰ ৰাইজ। বন্যপ্ৰাণীপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে দৰং জিলাৰ নিৰণচুবা গাঁৱৰ ৰাইজে। জানিব পৰা মতে, মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি দৰং জিলাৰ নিৰণচুবা গাঁৱৰ ৰাইজে ভেলাঘৰ সাজি উলিয়াইছিল। ভেলাঘৰত উৰুকাৰ নিশা একেলগে এসাঁজ খোৱাৰ উদ্দেশ্য়ে সকলো যা-যোগাৰো কৰিছিল গাঁওখনৰ ৰাইজে। কিন্তু মাঘ বিহুৰ দোমাহীৰ দুদিন আগতে ভেলাঘৰটোত এহাল কপৌৱে বাহ সজা গাঁওবাসীৰ দৃষ্টিগোচৰ হয়। এই দৃশ্য দেখি গাঁওবাসীয়ে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই এক সন্তোষজনক সিদ্ধান্ত গ্ৰহণ কৰে।

নিৰণচুবা গাঁওবাসীয়ে উৰুকাৰ পিছদিনা পুৱা ভেলাঘৰ জ্বলোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি উৰুকাৰ নিশা ভেলাঘৰত একেলগে এসাঁজ খোৱাৰ পৰাও বিৰত থাকে। নিৰণচুবা গাঁওবাসীয়ে এতিয়ালৈ জ্বলোৱা নাই মাঘ বিহুৰ ভেলাঘৰ। গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, ভেলাঘৰত এহাল কপৌ চৰায়ে বাহ সজাৰ বাবেই এতিয়ালৈ জ্বলাই দিয়া নাই ভেলাঘৰ। তদুপৰি বাহটোত কপৌৰ কণী প্ৰত্যক্ষ কৰাত গাঁওবাসীয়ে সিদ্ধান্ত লয় যে পোৱালি জগোৱাৰ পিছত যেতিয়ালৈ পোৱালি ডাঙৰ হৈ ওলাই নাযায় তেতিয়ালৈ জ্বলাই নিদিয়ে ভেলাঘৰটো। নিৰণচুবা গাঁওবাসীৰ এই বন্যপ্ৰাণীপ্ৰেমৰ অপূৰ্ব নিদৰ্শনে সকলোৰে অন্তৰ চুই গৈছে।

You might also like