নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰৰ দেওচুঙাত পুনৰ বন্যহস্তীৰ আক্ৰমণত মহিলাৰ প্ৰাণহানি

🔹 ক্ষতিপূৰণৰ দাবী আক্ৰাছুৰ 
নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ৩১ জানুৱাৰী : ভাৰত-ভূটান সীমান্তৱৰ্তী দেওচুঙা, উপৰখুঁটি, দাওৰাইজা, নাওবান্ধা, বাঙালীপাৰা, নাগ্ৰীজুলী, ভোলাজাৰ, ওমৰীশনগৰ আদি ঠাইত বন্যহস্তী আৰু মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে পুনৰ যোৱানিশা দেওচুঙাত বন্যহস্তীৰ আক্ৰমণত  তাৰামণি বৰ্মন (৬২)  নামৰ এগৰাকী মহিলা থিতাতে নিহত হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকৰ পৰা এটি দঁতাল হাতী ফালৰি কাটি আহি নিশা তাৰামণি বৰ্মনৰ গৃহত প্ৰৱেশ কৰে। ইফালে, ঘোৰ নিদ্ৰাত থকা তাৰামণি বৰ্মনে বন্যহস্তীৰ প্ৰৱেশ কৰাৰ অকণো উমঘাম পোৱা নাছিল। মুহূৰ্ততে বন্যহস্তীটোৱে তাৰামণি বৰ্মনৰ ঘৰটো ভাঙি শোৱাপাটিতে তাৰামণি বৰ্মনক মূৰত গছকি হত্যা কৰে। উল্লেখ্য যে আজিৰ পৰা প্ৰায় দহ বছৰ পুৰ্বে স্বামীৰো বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছিল। বনাঞ্চলৰ ভূমি সংকুচিত হৈ অহাৰ ফলতে তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত দিনকদিনে বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত। দিনত বনাঞ্চলত থাকি সন্ধিয়া হ’লেই জাকে জাকে জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহে বন্যহস্তীৰ জাকসমূহ। বন বিভাগ আৰু আৰক্ষীয়ে বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে। ইপিনে, বন্যহস্তীক ৰোধ কৰাত বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি দাবী জনাই  সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক শংকৰ ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত কয় যে  ভাৰত-ভূটান সীমান্তৰ বগামাটিৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বন্যহস্তীয়ে প্ৰায়ে সন্ত্ৰাস চলাই অহাৰ ফলত বহুতো লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। কুম্ভকৰ্ণ নিদ্ৰাত থকা বন বিভাগ বন্যহস্তীক ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি কয়। কালি নিশা শুই থকা অৱস্থাত গজৰাজৰ গছকত অকাল মৃত্যুক আঁকোৱালি লোৱা অতি দৰিদ্ৰ পৰিয়ালৰ তাৰামণি বৰ্মনৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে আক্ৰাছু নেতা শংকৰ ৰাজবংশীয়ে। উল্লেখ্য যে চাৰি দিন পূৰ্বে অৰ্থাৎ যোৱা ২৭ তাৰিখেও ডিমাকুছিৰ বৰাঙাজুলিৰ শান্তিপুৰত বন্যহস্তীৰ আক্ৰমণত মাতৃ-কন্যাৰ একেলগে মৃত্যু হোৱা ঘটনাৰ শোক মাৰ নৌযাওঁতে পুনৰ আজি এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাত অঞ্চলটোৰ ৰাইজ এতিয়া আতংকিত হৈ আছে।
You might also like