নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত চোৰাং গৰুভৰ্তি ভানৰ খুন্দাত মহিলাৰ মৃত্যু

🔹 দক্ষিণ শালমাৰা-মানকাচৰত চোৰাং পশুধনভৰ্তি বাহনৰ দৌৰাত্ম্য, নিৰ্লিপ্ত আৰক্ষী

নিয়মীয়া বাৰ্তা, ১১ মে’ : মানকাচৰৰ হাটশিঙিমাৰীৰ ফেকামাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোত  থিতাতে নিহত হয় এগৰাকী মহিলা । দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তৰে চোৰাং গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ চোৰাংভাৱে গৰু চালান দি আহিছে। জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাৰে দিনে-নিশাই চোৰাং গৰুভৰ্তি যান-বাহন চলাচল কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু জিলাখনৰ আৰক্ষীয়ে গোপন বুজাবুজি কৰি চোৰাং গৰুৰ বেহা নিৰ্বিঘ্নে চলাই নিয়াত প্ৰত্যক্ষভাৱে সহযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত আজি হাটশিঙিমাৰীৰ ফেকামাৰীত পুৱাৰ ভাগতে চোৰাং গৰুভৰ্তি দ্ৰুতবেগী পিকআপ ভানৰ খুন্দাত এগৰাকী মহিলা থিতাতে নিহত হয়। জানিব পৰা মতে, ML-08J-0133 নম্বৰৰ পিকআপ ভানখনত ৫টা চোৰাং গৰু লৈ পুৱা হাটশিঙিমাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখেদি মানকাচৰ অভিমুখে গৈ আছিল। কিন্তু মোহাম্মদ ফেকামাৰীত তীব্ৰবেগী পিকআপ ভানখনে প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলা এগৰাকীক পাছফালৰ পৰা খুন্দা মৰাত থিতাতে মহিলাগৰাকীৰ মৃত্যু হয়। নিহত হোৱা মহিলাগৰাকী ফেকামাৰী গাঁৱৰ শেপালী বেগম (৫৬) বুলি জানিব পৰা গৈছে । পিছত খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষী আৰু ট্ৰেফিক পুলিচ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় । উল্লেখ্য যে দুৰ্ঘটনাত পিকআপ ভানখনত থকা পাঁচটা চোৰাং গৰুৰ এটা গৰুৰ মৃত্যু হয় আৰু বাকী চাৰিটা গৰু আৰক্ষীয়ে জব্দ কৰে বুলি জানিব পৰা গৈছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like