🔹 ছিটিকি পৰে ট্ৰেক্টৰৰ চকাৰ তলত : অঞ্চলজুৰি চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : আজি পুৱাৰ ভাগত নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ-কল্যাণপুৰ গাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় | নম্বৰবিহীন ট্ৰেক্টৰৰ চকাৰ তলত পৰি এজন যুৱকৰ কৰুণ মৃত্যু ঘটে | নিহত যুৱকজন জামলাই গাঁৱৰ ৰমজান আলীৰ পুত্ৰ জুলফিক্কাৰ আলী (২৩) বুলি জানিব পৰা গৈছে | প্ৰাপ্ত তথ্য মতে, জামলাইৰ ইটাভাটাৰ পৰা ইটা ভৰ্তি কৰি নম্বৰবিহীন ট্ৰেক্টৰৰখন কল্যাণপুৰ অভিমুখে গৈ থকা অৱস্থাত ইটাৰ ওপৰত বহি যোৱা জুলফিক্কাৰ ট্ৰেক্টৰৰ চকাৰ তলত ছিটিকি পৰি থিতাতে নিহত হয় | ততালিকে দুৰ্ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে আৰু যুৱকজনক নাইটৰ-কল্যাণপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হৈছিল যদিও ইতিমধ্যে মৃত্যু হয় যুৱকজনৰ | দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় | নাইটৰ কল্যাণপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতো বহু লোকৰ সমাগম ঘটে। নগৰবেৰা আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস