নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বাইক দুৰ্ঘটনাত থিতাতে প্ৰাণহানি যুৱকৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : নগৰবেৰাৰ জামলাইত শনিবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় | দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় ২নং বামুণবড়ীৰ খইবৰ আলীৰ পুত্ৰ ৰফিকুল ইছলাম (২৫) নামৰ যুৱকজন | জানিব পৰা মতে, যুৱকজন মোবাইল মেকানিক তথা মোবাইল দোকানী। শনিবাৰে সন্ধিয়া নগৰবেৰা বজাৰলৈ গৈছিল দোকানৰ বস্তু কিনিবলৈ, দোকানৰ বস্তু কিনি ঘৰলৈ ওভতা পথত জামলাই পথাৰত বাইক দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয় যুৱকজন। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ এএছ-২৫-ভি-৩০৯১ | খবৰ পাই দুৰ্ঘটনাস্থলীত মন্দিৰা আৰক্ষী উপস্থিত হৈ বাইকসহ যুৱকজনৰ মৃতদেহ চমজি লৈ দেওবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ মৃতদেহ প্ৰেৰণ কৰে | উল্লেখ্য যে নিহত যুৱকজন কেইমাহমানৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু পত্নী সম্প্ৰতি সন্তানসম্ভৱা বুলিও জানিব পৰা গৈছে৷ সৰবৰহী যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like