নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰী : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত জয়পুৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। নাৰায়ণপুৰৰ জয়পুৰস্থিত শ্ৰীশ্ৰীসৰ্ব্বমনোকামনা পূৰ্ণ শিৱ মন্দিৰৰ ভণ্ড ৰঞ্জন দত্ত ওৰফে ৰিজু বাবাই এতিয়া পৰিচয় পাইছে এগৰাকী ধৰ্ষণকাৰী হিচাপে। বাবাৰ ধৰ্ষণৰ বলি হৈ সন্তান জন্ম দিলে এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে। বাবাৰ কামণা পূৰণ নকৰিলে তন্ত্ৰ মন্ত্ৰ কৰি ধংস কৰাৰ ভাবুকি দিয়ে যুৱতীক। এতিয়া এটি কণ্যা সন্তান হাতত লৈ দিকবিদিক হেৰুৱাইছে যুৱতীগৰাকীৰ পৰিয়ালে। বাবাক উচিত শাস্তিৰ লগতে পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব লোৱাৰ দাবী কৰিছে পৰিয়ালে। নিজ গৃহৰ চোতালত শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি ৰিজু বাবাই দীৰ্ঘদিনধৰি চলাই আহিছে এই অপকৰ্ম। যাৰ বাবে বিগত বছৰ বছৰ ধৰি গাঁওবাসীয়ে এঘৰীয়া কৰি থৈছে বাবাক। কোনোবা যদি ৰিজু বাবাৰ মন্দিৰলৈ যায় তেন্তে ৰাইজৰ ৰোষত পৰাৰ লগতে দহ হাজাৰ টকা পৰ্যন্ত দণ্ড ভৰিব লাগিব। সেয়ে স্থানীয় কোনো লোকেই নাযায় ৰিজু বাবাৰ মন্দিৰলৈ। অৱশেষত ভাল দিন উকলিল ৰিজু বাবাৰ। নিশা ৰিজু বাবাৰ মন্দিৰৰ দুৱাৰত টোকৰ পৰিল আৰক্ষীৰ। দুদিন পূৰ্বে নিশা নাৰায়ণপুৰ আৰক্ষীৰ এটা দল বাবাৰ মন্দিৰত উপস্থিত হৈ তালাচী চলালে বাবাৰ মন্দিৰত। আৰক্ষী উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰে লম্পট বাবাই। বাবাক নাপাই তিনিটাকৈ মোবাইল ফোন, এখন মাৰুতি S-PRESSO আৰু এখন মটৰচাইকেল জব্দ কৰিছে আৰক্ষীয়ে। তিনি দিন ধৰি পলাতক ভণ্ড বাবাক অৱশেষত আজি লালুকত নাৰায়ণপুৰ আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নাৰায়ণপুৰ আৰক্ষীয়ে Narayanpur PS Case no 6, BNS 64(1),69, 81, 49 নম্বৰত এটা গোছৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।
প্ৰেৰক চন্দন শইকীয়া