বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : জাতিগত প্রকৃত পৰিচয় আঁৰত ৰাখি প্রথমে প্রেম আৰু তাৰ পিছত নির্যাতন চলোৱা এটা পাষণ্ডক অৱশেষত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চিআইডিয়ে৷ ধৃত পাষণ্ডটো কামৰূপ জিলাৰ ছয়গাঁৱৰ চৌধুৰীপামৰ ছুলেমান আলীৰ পুত্র ছাদিক আলী (২২)৷ আৰক্ষীয়ে জনোৱা মতে, নিজৰ ধর্ম আৰু জাতিগত পৰিচয় লুকাই ৰাখি ৰাহুল শর্মা বুলি নিজৰ পৰিচয় দি এগৰাকী হিন্দু যুৱতীৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি তুলিছিল ছাদিক আলীয়ে৷ অকল সম্পর্ক গঢ়াতেই ক্ষান্ত নাথাকি বিয়াত বহিবলৈ হেঁচা প্রয়োগ কৰিছিল যুৱতীগৰাকীক৷ নিজকে ব্রাহ্মণৰ সন্তান বুলি পৰিচয় দিয়া ছাদিক আলীয়ে বহুবাৰ যুৱতীগৰাকীৰ সৈতে বলপূর্বকভাৱে যৌন সম্পর্ক স্থাপনো কৰিছিল বুলি চিআইডিৰ সূত্রই জনাইছে৷ অৱশ্যে ছাদিক আলীৰ প্রকৃত পৰিচয়ৰ বিষয়ে অৱগত হৈ হিন্দু যুৱতীগৰাকীয়ে সকলো সম্পর্ক পৰিত্যাগ কৰি পাষণ্ডটোৰ পৰা আঁতৰি অহাৰ বাবে চেষ্টা চলাইছিল৷ বিভিন্ন ধৰণে সম্পর্ক শেষ কৰিবলৈ চেষ্টা চলোৱাৰ লগতে ভুক্তভোগী যুৱতীগৰাকীয়ে এই সন্দর্ভত পৰিয়ালৰ লোককো অৱগত কৰিছিল৷ কিন্তু ইয়াৰ পিছতো যুৱতীগৰাকীক বলপূর্বকভাৱে বিবাহত বহিবলৈ জোৰ–জবৰদস্তি কৰিছিল ছাদিক আলীয়ে৷ বিচৰা মতে বিবাহ নহ’লে সামাজিক মাধ্যমত তেওঁলোক দুয়োৰে অন্তৰংগ মুহূর্তৰ ফটো আৰু ভিডি’ ভাইৰেল কৰাৰ ভাবুকি দিয়া আৰম্ভ কৰে ছাদিক আলীয়ে৷ অৱশেষত যুৱতীগৰাকীক কোনোপ্রকাৰে বিবাহৰ বাবে সৈমান কৰিব নোৱাৰি ছাদিক আলীয়ে দুয়োৰে অন্তৰংগ মুহূর্তৰ ফটো আৰু ভিডি’ অন্য লোকক প্রেৰণ কৰাৰ লগতে সামাজিক মাধ্যমতো ভাইৰেল কৰে৷ ছাদিক আলীৰ নির্যাতনৰ পিছত উপায়হীন হৈ যুৱতীগৰাকীৰ পৰিয়ালে চিআইডিৰ কাষ চাপি এখন এজাহাৰ চাইবাৰ থানাত দাখিল কৰে৷ যুৱতীগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত চিআইডিৰ চাইবাৰ থানাই ৪/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি ছাদিক আলীৰ সন্ধান অব্যাহত ৰাখে৷ ইপিনে, যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চপাৰ কথা গম পাই ছাদিক আলীয়ে আত্মগোপন কৰে৷ তাৰ পিছতে আৰক্ষীয়ে চাইবাৰ ফৰেনছিকৰ বিভিন্ন প্রযুক্তিৰ সহায়ত গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপত পলাতক ছাদিক আলীৰ সন্ধান লাভ কৰে৷ সেইমর্মে কালি সন্ধিয়া ছাদিক আলীক চিআইডিৰ এটা দলে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ সম্প্রতি ছাদিক আলীক চিআইডিয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷