নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যাত ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ আম্বানি, পূজা-অৰ্চনা, ছাগলী-পাৰ দান

কামাখ্যা ধামত আকাশ আম্বানিৰ মাৰ চৰণত ছাগলী আৰু পাৰ দান

কামাখ্যাত ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ আম্বানি, পূজা-অৰ্চনা, ছাগলী-পাৰ দান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ মে’ : আজি পুৱাই শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় মুকেশ আম্বানিৰ পুত্ৰ আকাশ আম্বানি। শক্তিপীঠত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় মুকেশ আম্বানিয়ে।

কামাখ্যা ধামত আকাশ আম্বানিয়ে মাৰ চৰণত ছাগলী আৰু পাৰ মুকলি কৰি দিয়ে।

উল্লেখ্য যে পুৱাই শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হৈ উদ্যোগপতি মুকেশ আম্বানিৰ পুত্ৰ আকাশ আম্বানিয়ে দান দিলে ২৫টা ছাগলী আৰু ২৪ যোৰ পাৰ। মা কামাখ্যাৰ শ্ৰীচৰণত পূজা-অৰ্চনা অৰ্পণ ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেডৰ অধ্যক্ষগৰাকীৰ। প্ৰতিকূল বতৰকো নেওচি মা কামাখ্যাৰ আশিস গ্ৰহণ আম্বানি পুত্ৰৰ।

মন্দিৰত উপস্থিত হৈয়ে মা কামাখ্যাৰ বিশেষ পূজা অৰ্চনা কৰে আকাশ আম্বানিয়ে।

ইফালে মাৰ চৰণত ছাগলী ২৫টা আৰু পাৰ ২৪ যোৰ এৰি দিয়ে আকাশ আম্বানিয়ে।

You might also like