নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰতিষ্ঠিত শিল্পী ভৱেশ গোস্বামীৰ পৰলোকপ্ৰাপ্তি

বিশেষ বাৰ্তা,  ৪ ডিচেম্বৰ : ৬০ৰ দশকৰ ৰাজ্যৰ বিখ্যাত মিউজিক বেণ্ড ‘দ্যা কুইভাৰ্ছ’ৰ এজন সদস্য, বিখ্যাত একৰ্ডিয়ান বাদক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰতিষ্ঠিত শিল্পী তথা সংগীত প্ৰযোজক, সুৰকাৰ ভৱেশ গোস্বামী (টুটুদা)ৰ চিৰবিদায়। দেওবাৰে নিশা ডিব্ৰুগড় নালিয়াপুলৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। দীৰ্ঘদিন ধৰি শয্যাগত অৱস্থাত থকা শিল্পীগৰাকী ড০ ভূপেন হাজৰিকাই ১৯৫৭ চনতে প্ৰতিষ্ঠা কৰা ৰাজ্য খ্যাত সাংস্কৃতিক অনুষ্ঠান মঞ্চৰূপাৰ প্ৰাক্তন সভাপতিও আছিল। শিল্পীগৰাকীয়ে ইহসংসাৰত পত্নীসহ এটি কণমানি পুত্র সন্তানক এৰি যায়। শিল্পী চৈয়দ চাদুল্লাহ, অভিনেতা প্ৰয়াত বিজু ফুকন, নাট্যকৰ হেমন্ত দত্ত আদিৰ একালৰ দ্যা কুইভাৰ্ছ বেণ্ডৰ অন্যতম সতীৰ্থ ভৱেশ গোস্বামীৰ মৃত্যু সাংস্কৃতিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। ডিব্ৰুগড়ৰ আকাশবাণী কেন্দ্ৰত ১৯৭৬ চনত এগৰাকী একৰ্ডিয়ান বাদক হিচাপে যোগদান কৰি ২০০৮ চনত অৱসৰ গ্ৰহণ কৰে যদিও কেন্দ্ৰত সহযোগ আগবঢ়াই গৈছিল। তেওঁৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে ডিব্ৰুগড়ত। বৰ্ষীয়ান শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেওঁৰ গুণমুগ্ধৰে ভৰি পৰিল তেওঁৰ গ্ৰেহেমবজাৰস্থিত আৱাসগৃহ। শিল্পী চৈয়দ চাদুল্লাহ, সংগীতজ্ঞ হীৰেন গোহাঁই, ৰাজেন গোঁহাই, বিধায়ক প্ৰশান্ত ফুকনসহ বহুজনে তেওঁৰ সৈতে জীৱনৰ সান্নিধ্যৰ কথা সুঁৱৰি তেওঁ অসমৰ সাংস্কৃতিক জীৱনৰ বাবে আগবঢ়োৱা অৱদানক পুনৰ এবাৰ অপূৰণীয় ক্ষতি বুলি আখ্যা দিলে।

প্ৰেৰক বিভাস দুৱৰা

You might also like