নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত ‘ৰংমিলিৰ হাঁহি’ৰ ইংৰাজী অনুবাদ উন্মোচন

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙৰ অমৰ সৃষ্টি ‘ৰংমিলিৰ হাঁহি’৷ পঢ়ুৱৈৰ ওচৰত ‘ৰংমিলিৰ হাঁহি’ৰ আদৰ বেছি৷ এইখন জনপ্রিয় উপন্যাস ইতিমধ্যে বাংলা, হিন্দী, কার্বি, বড়ো আৰু নেপালী ভাষালৈ অনুবাদ হৈছে৷ শেহতীয়াকৈ জনপ্রিয় উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে ডংকামোকামৰ থংনকবে কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপিকা কাচে টেৰণপীয়ে৷ ‘ৰংমিলি দ্য হৰাইজন’ শীর্ষক ইংৰাজী অনুবাদ গ্রন্থখন আজি ডিফুৰ ৰাংছিনা ছাৰপ’ ভৱনত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে উন্মোচন কৰে৷ সাংবাদিক পৱিত্র বৰাৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাখনত ডিফুৰ সাংসদ হৰেনছিং বে’ই কয় যে গ্রন্থ অধ্যয়নেহে জ্ঞান বৃদ্ধি কৰে৷ সেয়ে নতুন প্রজন্মক তেওঁ গ্রন্থ অধ্যয়নৰ আহ্বান জনায়৷ ‘ৰংমিলিৰ হঁাহি’খন সম্পূর্ণকৈ নাই পঢ়া বুলি কৈ তেওঁ এইকেইদিনতে ‘ৰংমিলিৰ হাঁহি’ পঢ়িব বুলি মন্তব্য কৰে৷ ইংৰাজী সংস্কৰণ উন্মোচন কৰি মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে সকলোৱে লিখিব নোৱাৰে৷ বিল গেটছৰ বহু ধন থাকিলেও গ্রন্থ লিখিব নোৱাৰে৷ এয়া সুকীয়া প্রতিভা৷ ৰংবং তেৰাঙৰ অমৰ সৃষ্টি ‘ৰংমিলিৰ হঁাহি’খন নাই পঢ়া বুলি অকপটে স্বীকাৰ কৰি তেওঁ দুদিনৰ ভিতৰত ‘ৰংমিলিৰ হঁাহি’ পঢ়ি শেষ কৰিব বুলি মন্তব্য কৰে৷ ‘ৰংমিলিৰ হঁাহি’ৰ স্রষ্টা ৰংবং তেৰাঙে ইংৰাজীলৈ গ্রন্থখন অনুবাদ হোৱাত বিশ্বৰ ভিন্ন প্রান্তৰ পঢ়ুৱৈয়ে কার্বি সমাজ জীৱনৰ আধাৰত সৃষ্ট উপন্যাসখনৰ সোৱাদ ল’ব পাৰিব বুলি আশা প্রকাশ কৰে৷ তেওঁ লগতে কয় যে ৰংমিলিয়ে আজি নতুন দিগন্ত লাভ কৰিলে৷ লেখক হিচাপে নহয়, কার্বি আংলংবাসীৰ বাবেই ই এটা অতি সুখৰ বার্তা৷ অনুবাদক কাচে টেৰণপী, বৰছিং ৰংফাৰ, পৱিত্র বৰা, মংগলছিং ৰংফাৰ, কাবিন টেৰণপী প্রমুখ্যে ইংৰাজী সংস্কৰণ প্রকাশত সহায় কৰা সকলোৰে শলাগ লয়৷

You might also like