নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন হ’ব আছুৰ পৰৱর্তী সভাপতি–সম্পাদক? সভাপতি পদত উৎপল–প্রজ্ঞান ভৱজিৎ, সম্পাদক পদৰ চর্চাত উদ্দীপ্তজ্যোতি–শংকৰ

সমুজ্জ্বল ভট্টাচার্য থাকিলে সভাপতি পদলৈ আহিব লুৰিণজ্যোতি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ কোন হ’ব আছুৰ পৰৱর্তী সভাপতি–সাধাৰণ সম্পাদক? সেই লৈ অসমৰ জনগণে উৎকণ্ঠাৰে দৃষ্টি ৰাখিছে জাতীয় সংগঠনটোৰ চলি থকা অধিৱেশনখনৰ ওপৰত৷ আছুৰ দৰে এটা শক্তিশালী জাতীয় ছাত্র সংগঠনৰ পৰৱর্তী দায়িত্ব কোনে গ্রহণ কৰিব, সেইটো
নির্ধাৰণ কৰিব পৰহি নিশাৰে পৰা চলি অহা প্রতিনিধি সভাৰ শেষ সিদ্ধান্তই৷ ৰাজ্যৰ প্রতিখন জিলাৰ পৰা অহা আছুৰ প্রতিনিধিবর্গই পছন্দৰ প্রার্থীৰ কাষত সংখ্যাগৰিষ্ঠতাৰে থিয় হৈ শক্তি প্রদর্শন কৰাৰ অঘোষিত প্রতিযোগিতাও চলিছে অধিৱেশনথলীত৷

ইতিমধ্যে উজনি–নামনিকে ধৰি কেইবাগৰাকীও ছাত্র নেতাৰ নাম সভাপতি–সম্পাদকৰ আসনৰ বাবে অধিৱেশনথলীৰ বাহিৰে–ভিতৰে উচ্চাৰিত হৈ আহিছে যদিও সময় চমু চাপি অহাৰ লগে লগে সকলোকে চেৰ পেলাই মৰিগাঁৱৰ উৎপল শর্মা আৰু শিৱসাগৰৰ উদ্দীপ্তজ্যোতি গগৈ এই দুই প্রবল সম্ভাব্য শক্তিশালী আছু নেতাৰ নাম সভাপতি–সম্পাদকৰ দৌৰত আগবাঢ়িছে৷

অৱশ্যে উৎপল শর্মাৰ বয়স (২৮)টোৱে হেঙাৰ হ’ব পাৰে নেকি সভাপতিৰ আসন লাভ কৰাৰ ক্ষেত্রত, ইয়াক লৈও ভিতৰি আলোচনা চলিছে৷ সভাপতি পদৰ বাবে উচ্চাৰিত হৈছে বিশ্বনাথ জিলাৰ প্রজ্ঞান ভূঞা আৰু নলবাৰীৰ ভৱজিৎ বেজবৰুৱাৰ নাম৷ এই দুয়োজনো সভাপতি পদৰ শক্তিশালী প্রার্থী৷ আনহাতে, সাধাৰণ সম্পাদক পদৰ শক্তিশালী দাবীদাৰ শিৱসাগৰৰ উদ্দীপ্তজ্যোতি গগৈ, ডিব্রুগড়ৰ শংকৰজ্যোতি বৰুৱা আৰু কামৰূপ (মহানগৰ)ৰ দিব্য মেধি৷

প্রত্যেকগৰাকী প্রার্থীৰ সমর্থনত দুলীয়াজানৰ অধিৱেশনস্থলীত আৰম্ভ হৈছে লবীকেন্দ্রিক প্রচাৰ৷ নিজৰ সমর্থনত জিলা সমিতি তথা প্রতিনিধিক প্রভাৱিত কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে সকলো পদপ্রত্যাশী ছাত্র নেতাই৷ ইফালে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য ছাত্র সন্থাৰ মুখ্য উপদেষ্টা পদত আগন্তুক কার্যকালৰ বাবে থাকিলে লুৰিণজ্যোতি গগৈ হ’ব পাৰে ছাত্র সংগঠনটোৰ পৰৱর্তী সভাপতি৷ তেতিয়া হয়তো নামনি অসমক প্রতিনিধিত্ব কৰা উৎপল শর্মা অথবা ভৱজিৎ বেজবৰুৱা হ’ব সংগঠনটোৰ পৰৱর্তী সাধাৰণ সম্পাদক৷ এনে বিভিন্ন সমীকৰণে এতিয়া ভিতৰি ভিতৰি উত্তপ্ত কৰি ৰাখিছে আছুৰ অধিৱেশনস্থলী৷

You might also like