নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে আমাৰ সৈতে মিত্রতা নকৰিলেও আপত্তি নাইঃ হাগ্রামা

মিত্রতা ভংগ হোৱাটো নিবিচাৰে মন্ত্রী ৰিহণ দৈমাৰীয়ে

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিয়ে বি পি এফ দলৰ সৈতে মিত্রতা নকৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতেই বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে তেওঁলোক বিজেপিৰ সৈতে মিত্রতাত থকা–নথকা ডাঙৰ কথা নহয় বুলি মন্তব্য কৰিছে৷ ইয়াৰ বিপৰীতে বি পি এফৰ উপ–সভাপতি মন্ত্রী ৰিহণ দৈমাৰীয়ে বিজেপিৰে মিত্রতা ভংগ হোৱাটো নিবিচাৰে৷

তাৰ পৰিৱর্তে অহা বিধানসভা নির্বাচনতো বিজেপি–বি পি এফ একেলগে নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ এতিয়াও পোষকতা কৰে৷ এক কথাত ক’বলৈ গ’লে বিজেপিৰে মিত্রতা ভংগৰ বিষয়টোক লৈ বি পি এফৰ ভিতৰচ’ৰাত মতবিৰোধ ঘটিছে৷ কালি এই সম্পর্কত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি মহিলাৰীয়ে কয় যে বিজেপিয়ে তেওঁলোকৰ সৈতে মিত্রতা কৰিলেও আপত্তি নাই, নকৰিলেও আপত্তি নাই৷

বি পি এফক বিজেপিয়ে মিত্র হিচাপে লয়–নলয়, সেয়া তেওঁলোকৰ কথা৷ মিত্রতাৰ বাবে বি পি এফে বিজেপিক জোৰ–জবৰদস্তি নকৰে৷ বিজেপিয়ে মিত্রতা নকৰাৰ যি সিদ্ধান্ত লৈছে, তাত বি পি এফৰ একো ক’ব লগা নাই৷ তেওঁ আৰু কয় যে যদি বি পি এফক মিত্রতাত ৰাখিব বিচৰা নাই, তেনেহ’লে খেদি দিয়ক৷ কিয় মুখেৰে কৈ আছে, খেদি দিয়ক৷ অসম মন্ত্রীসভাত বি পি এফৰ মন্ত্রী তিনিগৰাকীক মন্ত্রীসভাৰ পৰা আঁতৰাই পঠিয়াওক৷

বি পি এফে তেওঁলোকক মিত্রতাত ল’ব লাগে বুলি তেওঁ কেতিয়াও বিজেপিক কোৱা নাই আৰু ভৱিষ্যতেও নকয়৷ সভাপতি মহিলাৰীয়ে বিটিচি নির্বাচনৰ প্রসংগত কয় যে বিজেপিয়ে কিছুমান সমষ্টি ইউ পি পি এলক এৰি দিছে৷ বিজেপি–ইউ পি পি এলৰ এই বুজাবুজি গোপন হৈ থকা নাই৷ এইবাৰৰ নির্বাচনত বিশেষ কিবা নহ’লে বি পি এফ দলে অতি কমেও ২৫টা সমষ্টিত জয়লাভ কৰি চৰকাৰ গঠন কৰাটো খাটাং৷

ইপিনে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ সেই ভাষ্যৰ বিপৰীতে দলটোৰ উপ–সভাপতি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে বিজেপিৰে মিত্রতা ভংগ হোৱাটো নিবিচাৰে৷ এই সম্পর্কত দৈমাৰীয়ে কয় যে বি পি এফৰ তৰফৰ পৰা মিত্রতা ভংগ কৰা হোৱা নাই৷ এতিয়াও তেওঁ ব্যক্তিগতভাৱে বিজেপি–বি পি এফৰ মিত্রতা ভংগ নোহোৱাটো বিচাৰে৷ আসন্ন বিধানসভা নির্বাচনত বিজেপি আৰু বি পি এফে একেলগে যুঁজি চৰকাৰ গঠন কৰাৰ তেওঁ পক্ষপাতী৷

তেওঁ আৰু কয় যে এই মুহূর্তত বি পি এফৰ মন্ত্রীকেইজনে মন্ত্রীসভাৰ পৰা পদত্যাগ নকৰে৷ অৱশ্যে বিজেপিয়ে তেওঁলোকক নালাগে বুলি ক’লে মন্ত্রীসভাৰ পৰা ওলাই আহিব লাগিব৷ ইফালে বিজেপিয়ে বি পি এফৰ সৈতে কোনো মিত্রতা নাই আৰু অহা বিধানসভা নির্বাচনত বি পি এফৰ সৈতে মিত্রতা নকৰে বুলি কোৱাৰ পাছতো বি পি এফ দল চৰকাৰৰ অংশীদাৰ হৈ থকাত আশ্চর্য প্রকাশ কৰিছে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে৷ এই সন্দর্ভত বড়োৱে কয় যে বি পি এফ হৈছে নিলাজ৷ সুবিধাবাদীৰ দল৷ লাজ–চৰম একো নাই৷ ক্ষমতা আৰু পইচাকে নীতি হিচাপে লৈ বি পি এফে ১৭ বছৰে লুটিপুতি খালে৷

You might also like